ঘৰৰ পৰা মাত্ৰ ৪০ মিটাৰ দূৰৈৰ এটা তলাবন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হ’ল এগৰাকী তিনি বছৰীয়া কণমানিৰ মৃতদেহ। তন্ত্ৰ-মন্ত্ৰ আৰু ক’লা যাদুৰ প্ৰতি আসক্ত এগৰাকী চুবুৰীয়া মহিলাই শিশুটিৰ শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ বুলন্দচহৰত সংঘটিত এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোণম নামৰ মহিলাগৰাকীক।

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, কোতৱালী নগৰ আৰক্ষী থানাৰ অন্তৰ্গত অৱন্তী নগৰ ভূদ অঞ্চলৰ পৰা ডায়েল ১১২ যোগে এগৰাকী শিশু নিৰুদ্দেশ হোৱাৰ অভিযোগ লাভ কৰা হৈছিল। অভিযোগ পোৱাৰ লগে লগে আৰক্ষীৰ কেইবাটাও দলৰ লগতে ছোৱাট আৰু ছাৰ্ভেইলেন্স ইউনিটে আৰম্ভ কৰে শিশুটিৰ সন্ধানত অভিযান। অঞ্চলটোৰ চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ পাছত শিশুটিক ওচৰ-পাজৰৰ অঞ্চলতে থকা বুলি আৰক্ষীয়ে সন্দেহ কৰে। তালাচী অভিযানৰ সময়ত চুবুৰীয়া সোণমৰ কোঠাটো তলাবন্ধ অৱস্থাত থকা দেখা পাই আৰক্ষীয়ে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জেৰাত অভিযুক্ত সোণমে শিশুটিক ফুচুলাই নিজৰ কোঠালৈ নি শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীৰ তালাচী অভিযান আৰম্ভ হোৱা দেখি মহিলাগৰাকীয়ে কোঠাটোত তলা লগাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। নিশাৰ ভাগত মৃতদেহটো নিষ্কাশন কৰাৰ পৰিকল্পনা কৰিছিল মহিলাগৰাকীয়ে।

তদন্তত পোহৰলৈ অহা মতে, পূৰ্বে নিজৰ কন্যাক ছাদৰ পৰা পেলাই দিয়াৰ অভিযোগৰ পাছত সোণমৰ কন্যা সন্তানটিক দিল্লীত থকা পিতৃৰ ওচৰলৈ পঠিয়াই দিয়া হৈছিল। তেতিয়াৰ পৰাই তেওঁ মানসিকভাৱে অস্থিৰ হৈ আছিল। তদুপৰি মহিলাগৰাকীৰ তন্ত্ৰ-মন্ত্ৰৰ প্ৰতিও বিশেষ ৰাপ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিশুটিৰ মৃতদেহ চমজাই দিয়া হৈছে পৰিয়ালক। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *