আগন্তুক ১৯ জুলাইত নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেল মেচখনৰ বাবে এতিয়াও প্ৰায় ১,২০০ টা টিকট বিক্ৰী হ’বলৈ বাকী আছে। ফিফাৰ অফিচিয়েল ৱেবচাইটত এই টিকটসমূহ উপলব্ধ হৈছে, কিন্তু ইয়াৰ মূল্য সাধাৰণ ৰাইজৰ সাধ্যৰ বাহিৰত। ষ্টেডিয়ামৰ ওপৰৰ অংশৰ প্ৰায় ১,১৭৮ টা টিকট এতিয়াও উপলব্ধ আছে, যাৰ প্ৰতিটোৰ মূল্য ৭,৩৮০ ডলাৰ।

খেলপথাৰৰ ওচৰৰ আসনসমূহৰ মূল্য $১৯,৯৯৫ ডলাৰৰ পৰা ৩২,৯৭০ ডলাৰ পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। খাদ্য আৰু পানীয়সহ এই ভিআইপি শাখাৰ টিকটৰ মূল্য ৩৪,৫০০ ডলাৰ হৈছে। ফিফাৰ অফিচিয়েল ৰিচেল বজাৰত টিকটৰ মূল্য ৭,৪৪০ ডলাৰৰ পৰা আৰম্ভ কৰি লাখ লাখ ডলাৰ পৰ্যন্ত বৃদ্ধি পাইছে। টিকটৰ এই অত্যাধিক মূল্যক লৈ বিশ্বজুৰি ফুটবল অনুৰাগীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে। অনুৰাগীৰ এটা সংগঠনে ইতিমধ্যে অত্যাধিক টিকটৰ মূল্যৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে।

তদুপৰি, টিকটৰ মূল্য নিৰ্ধাৰণ আৰু আসনৰ সঠিক অৱস্থানক লৈ নিউয়ৰ্ক আৰু নিউ জাৰ্চি ৰাজ্য চৰকাৰে ফিফাৰ বিৰুদ্ধে এক তদন্তও আৰম্ভ কৰিছে। অৱশ্যে, ফিফাৰ সভাপতি জিয়ানি ইনফান্তিনোৱে এই মূল্যক সমৰ্থন কৰি কয় যে আমেৰিকাৰ নিয়ম অনুসৰি টিকটৰ এনে মূল্য নিৰ্ধাৰণ কৰাটো বৈধ।

Leave a Reply

Your email address will not be published. Required fields are marked *