মানৱ অধিকাৰ সংগঠন ‘ফেয়াৰস্কোৱাৰ’-এ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ওচৰত বিশ্ব ফুটবল সংস্থা ফীফাৰ সভাপতি জিয়ানি ইনফান্তিনোৰ বিৰুদ্ধে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াই ইনফান্তিনোৱে ক্ৰীড়া জগতৰ ‘ৰাজনৈতিক নিৰপেক্ষতা’ৰ নিয়ম ভংগ কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, ২০২০ চনৰে পৰা ইনফান্তিনো আইঅ’চিৰ এজন সদস্য হৈ আছে। ইনফান্তিনোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকলাপ আৰু নীতিৰ প্ৰতি ৰাজহুৱা সমৰ্থন আগবঢ়াই ফীফাৰ নীতি-নিৰ্দেশনা উলংঘা কৰিছে। ফীফাত হঠাতে এক নতুন ‘শান্তি বঁটা’ৰ প্ৰচলন কৰি ২০২৩ চনৰ ডিচেম্বৰ মাহত ড’নাল্ড ট্ৰাম্পক সেই বঁটা প্ৰদান কৰা কাৰ্যত ইনফান্তিনোৰ ব্যক্তিগত ভূমিকাৰ ওপৰত তদন্ত কৰিবলৈ দাবী জনোৱা হৈছে। এই সিদ্ধান্ত ফীফা পৰিষদৰ সন্মতি সাপেক্ষে আছিল নে ইনফান্তিনোৱে নিজাববীয়াকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰি লৈছিল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চলিত ২০২৬ বিশ্বকাপৰ সময়ত আমেৰিকাৰ খেলুৱৈ ফ’লাৰিন বালোগানৰ ৰেড কাৰ্ডৰ নিষেধাজ্ঞা ফীফাই হঠাতে উঠাই লৈছিল। অভিযোগ অনুসৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্যক্তিগত অনুৰোধৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল, যিয়ে ক্ৰীড়াৰ নিৰপেক্ষতাক ক্ষতিগ্ৰস্ত কৰিছে। অৱশ্যে ইনফান্তিনোৱে ইয়াত তেওঁৰ কোনো হাত থকাৰ কথা অস্বীকাৰ কৰিছে। ইউৰোপীয় সংসদৰ ৫০ গৰাকী সদস্যৰ লগতে নৰৱে’ ফুটবল ফেডাৰেচনেও এই তদন্তৰ দাবীক আনুষ্ঠানিকভাৱে সমৰ্থন জনাইছে। ইফালে, আইঅ’চিৰ সভাপতি কীৰ্চী ক’ভেণ্ট্ৰীয়ে জনাইছে যে বৰ্তমানলৈকে তেওঁলোকৰ হাতত আনুষ্ঠানিক অভিযোগ পত্ৰখন পৰিহি নাই, কিন্তু লাভ কৰাৰ লগে লগে এথিক্স কমিচনে সমগ্ৰ বিষয়টো তদন্ত কৰি চাব। নিয়ম অনুসৰি, এই অভিযোগ প্ৰমাণিত হ’লে ফীফা সভাপতি ইনফান্তিনোৱে জৰিমনা ভৰাৰ লগতে সৰ্বাধিক দুবছৰৰ বাবে যিকোনো ফুটবল সম্পৰ্কীয় কাৰ্যকলাপৰ পৰা নিষিদ্ধ হ’বলগীয়া হ’ব পাৰে। Share this:FacebookX Related Post navigation পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন