অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। হতাহতৰ অধিক সংখ্যাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশ্নৰ উত্থাপন কৰিছে।গৱৰ্ণৰ ক্লাউডিঅ’ কাষ্ট্ৰোৱে ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে, বৃহৎ পৰিসৰৰ আৰক্ষী অভিযানত ৬০ জন অভিযুক্ত অপৰাধীক নিৰ্মূল কৰা হৈছে আৰু আৰক্ষীয়ে ২৫০ জনতকৈ অধিক গ্ৰেপ্তাৰ আৰু চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে। কাষ্ট্ৰোৱে আৰু কয় যে, ৮১ জন লোকক আটক কৰি অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *