মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। ইৰান আৰু আমেৰিকাৰ মাজত সম্ভাৱ্য শান্তি চুক্তিক লৈ চলি থকা আলোচনা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইজৰাইলে। ইজৰাইলৰ পক্ষৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে যে, কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে দেশখনৰ সুৰক্ষা আৰু সামৰিক সিদ্ধান্তত বাধা আৰোপ কৰিব নোৱাৰিব। এই মন্তব্যক বহু বিশ্লেষকে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি দিয়া এক স্পষ্ট বাৰ্তা বুলি গণ্য কৰিছে। ইজৰাইলৰ মতে, ইৰানৰ পাৰমাণৱিক আৰু সামৰিক কাৰ্যকলাপক লৈ কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহয়। ইফালে, ইৰান-আমেৰিকা সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টাৰ মাজতে ইজৰাইলৰ এই কঠোৰ স্থিতিয়ে অঞ্চলটোত নতুন কূটনৈতিক জটিলতাৰ সৃষ্টি কৰিছে। বিষয়টোত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি নিবদ্ধ হৈ আছে। Share this:FacebookX Related Post navigation ড্ৰাগছৰ বিৰুদ্ধে সামূহিক যুঁজৰ আহ্বান: ‘ত্লাওমঙাইহনা’ বজাই ৰাখক, ৰাইজক মিজোৰামৰ ৰাজ্যপালৰ আহ্বান