Author: Paromita

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী; ঔষধৰ যোগান স্বাভাৱিক ৰাখিবলৈ কঠোৰ নিৰ্দেশ অসম চৰকাৰৰ

সমগ্ৰ দেশৰ লগতে অসমতো অল ইণ্ডিয়া অৰ্গানাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগীষ্টৰ আহ্বানত আজি ফাৰ্মাচিষ্টসকলে কাৰ্যকৰী কৰিছে এক দেশজোৰা ধৰ্মঘট। এই বন্ধৰ প্ৰেক্ষাপটত জনসাধাৰণ যাতে জৰুৰীকালীন ঔষধৰ পৰা বঞ্চিত হ’বলগীয়া নহয়,…

অসম বিধানসভাত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি; সকলো নাগৰিককে সমৰ্থনৰ আহ্বান জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ

ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ চৰ্চাৰ মাজতে অহা ২৬ মে’ত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ’ব বহু প্ৰত্যাশিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচিৰ খচৰা বিল। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ…

পেঞ্চনৰ গোচৰ নিষ্পত্তিত অনাহক বিলম্ব হ’লেই জৰিমনা ভৰিব লাগিব চৰকাৰী বিষয়াইঃ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

নিৰ্ধাৰিত সময়সীমাত পেঞ্চনৰ গোচৰ নিষ্পত্তি নকৰিলে অসম চৰকাৰৰ সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ আৰ্থিক ব্যৱস্থা। কামত ফাঁকি দিয়া কৰ্মচাৰীক জবাবদিহি কৰিবলৈ ৰাজ্য চৰকাৰে অলপতে জাৰি কৰিছে এক…

গুৱাহাটীসহ দেশৰ ১৮খন চহৰত চলিব জল মেট্ৰ’- ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দেশৰ ১৮ খন চহৰৰ সৈতে অসমতো আৰম্ভ হ’ব আধুনিক জল মেট্ৰ’ পৰিবহণ ব্যৱস্থা। মহানগৰী গুৱাহাটীত প্ৰথম পৰ্যায়ত আৰু তেজপুৰ তথা ডিব্ৰুগড়ত দ্বিতীয় পৰ্যায়ত এই অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিব কেন্দ্ৰীয় বন্দৰ,…

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ দেহাৱসান

ৰাষ্ট্ৰীয় ৰাজনীতিত গভীৰ শোকৰ ছাঁ পেলাই মঙলবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ। ডেৰাডুন চহৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন থকা অৱস্থাতে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয়…

অসম ক্ৰিকেটত নতুন অধ্যায়; আগষ্টত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, সাজু হৈ উঠিছে ক্ৰিকেট সন্থাসমূহ

ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলক এক বৃত্তিমূলক মঞ্চ প্ৰদান কৰাৰ স্বাৰ্থত আগন্তুক আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো সংস্কৰণ। ক্ৰিকেটাৰসকলৰ প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে চলাইছে…

পঞ্জাৱত চাঞ্চল্য; অপহৰণৰ ৬ দিনৰ পাছত নীল’ নদীৰ পৰা উদ্ধাৰ পঞ্জাবী গায়িকা ইন্দৰ কৌৰৰ মৃতদেহ

অপহৰণৰ ৬ দিন পাছত উদ্ধাৰ হ’ল পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী ইন্দৰ কৌৰৰ মৃতদেহ। ১৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ২৯ বছৰীয়া জনপ্ৰিয় পঞ্জাবী গায়িকা ইন্দৰ কৌৰ ওৰফে যশিন্দৰ কৌৰৰ মৃতদেহ মঙলবাৰে…

জাগীৰোডত অবৈধ গৰুভৰ্তি কন্টেইনাৰ জব্দ; পলায়ন চালক-হেণ্ডিমেনৰ

অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ অব্যাহত থকা গৰুৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে মঙলবাৰে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল জাগীৰোড আৰক্ষী। জাগীৰোডৰ দেওশালত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত আৰক্ষীয়ে চলোৱা এক অভিযানত ৩৮ টা…

অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ; বিধানসভা অধিৱেশনৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ পূৰ্বেই মন্ত্ৰী অতুল বৰাক অৰ্পণ কৰা হৈছে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব। নৱগঠিত চৰকাৰখনৰ প্ৰথমখন বিধানসভা অধিৱেশন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে…

বিজেপিত যোগদানৰ চৰ্চাক উৰাবাতৰি বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ; ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা

কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত শেহতীয়াকৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিগৰাকীৰ মতে, একাংশ লোকে তেওঁ…