ভাৰতীয় শ্বুটিং জগতত এতিয়াও ম্লান পৰা নাই কিংবদন্তি শ্বুটাৰ আৰু প্ৰশিক্ষক যশপাল ৰাণাৰ মৃত্যুৰ শোক। সেই শোকৰ মাজতেই পুনৰ আহিল এক বেদনাদায়ক খবৰ। যশপাল ৰাণাৰ মৃত্যুৰ মাত্ৰ চাৰি দিন পিছতে দেহাৱসান ঘটিল তেওঁৰ মাতৃ শ্যামা দেৱী ৰাণাৰ।

৭৮ বছৰীয়া শ্যামা দেৱী ৰাণা নতুন দিল্লীৰ এখন সেনা চিকিৎসালয়ত চিকিৎসাধীন আছিল। পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, ১২ জুনত পুত্ৰ যশপাল ৰাণাৰ আকস্মিক মৃত্যুৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে।

উত্তৰাখণ্ডৰ টেহৰি জিলাৰ ছিলামু গাঁৱৰ বাসিন্দা শ্যামা দেৱী ৰাণা আছিল দ্ৰোণাচাৰ্য বঁটা প্ৰাপক প্ৰশিক্ষক নাৰায়ণ সিং ৰাণাৰ পত্নী। ক্ৰীড়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই পৰিয়ালটোৱে মাত্ৰ চাৰি দিনৰ ব্যৱধানতে দুটা মৃত্যুৰ আঘাত সহ্য কৰিবলগীয়া হৈছে।

উল্লেখ্য যে, ভাৰতীয় পিষ্টল শ্বুটিং দলৰ উচ্চ প্ৰদৰ্শন প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি থকা যশপাল ৰাণাই শেহতীয়াকৈ মিউনিখত অনুষ্ঠিত আইএছএছএফ বিশ্বকাপৰ পৰা দেশলৈ উভতি আহিছিল। যাত্ৰাপথত অসুস্থ অনুভৱ কৰাৰ পিছত তেওঁ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হয়। স্বাস্থ্যৰ উন্নতি ঘটিছে বুলি জানিব পৰা সময়তে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ ক্ৰীড়া জগতক স্তম্ভিত কৰি তোলে।

মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব অভিলেখ গঢ়ি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত খ্যাতি লাভ কৰা যশপাল ৰাণাই এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু বিশ্ব শ্বুটিং প্ৰতিযোগিতাত দেশলৈ একাধিক সাফল্য কঢ়িয়াই আনিছিল। খেলুৱৈ জীৱনৰ অন্তত প্ৰশিক্ষক হিচাপেও তেওঁ ভাৰতীয় শ্বুটিঙৰ নতুন প্ৰজন্ম গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

যশপাল ৰাণাৰ মৃত্যুৰ শোকত স্তব্ধ হৈ থকা ক্ৰীড়া জগতত এতিয়া তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰেও সৃষ্টি কৰিছে গভীৰ শোকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *