বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মঞ্চত এইবাৰ উজ্জ্বল হৈ উঠিল ভাৰতীয় মূলৰ এজন ফুটবলাৰৰ নাম। অষ্ট্ৰেলিয়াৰ হৈ ফিফা বিশ্বকাপত খেলি ইতিহাস ৰচনা কৰে নিশান ভেলুপিল্লায়ে। ভাৰতীয় বংশোদ্ভূত প্ৰথম ফুটবলাৰ হিচাপে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ কৃতিত্ব অৰ্জন কৰে তেওঁ। অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত জন্মগ্ৰহণ কৰা ভেলুপিল্লাইয়ে গ্ৰুপ-ডিৰ উদ্বোধনী খেলত তুৰস্কৰ বিৰুদ্ধে ছক্ৰুজৰ জাৰ্চি পিন্ধি বিশ্বকাপত অভিষেক ঘটায়। সেই খেলত ২-০ গ’লত জয় লাভ কৰে অষ্ট্ৰেলিয়াই। বিশ্বকাপৰ দৰে সৰ্বোচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত তেওঁৰ উপস্থিতিয়ে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় মূলৰ ফুটবলপ্ৰেমীসকলৰ। ফুটবলৰ বিশ্বমঞ্চত ভাৰতীয় বংশোদ্ভূত কোনো খেলুৱৈৰ এইটো প্ৰথম উপস্থিতি হিচাপে ইতিমধ্যে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। অষ্ট্ৰেলিয়াৰ সফল অভিযানৰ আৰম্ভণিৰ লগতে নিশান ভেলুপিল্লাইৰ এই ঐতিহাসিক কৃতিত্বকো ক্ৰীড়াজগতত এক বিশেষ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। তেওঁৰ এই সাফল্যই বিশ্ব ফুটবলত ভাৰতীয় মূলৰ খেলুৱৈসকলৰ সম্ভাৱনাৰ নতুন দিশ উন্মোচন কৰিছে। Share this:FacebookX Related Post navigation কলেজীয়া দিনৰ সপোনে পালে পূৰ্ণতা; বায়ুসেনাত নিযুক্ত স্বামী, নৌসেনাৰ বিষয়া পত্নী ভুৱা চিবিআই বিষয়াৰ পৰিচয় দি প্ৰৱঞ্চনাৰ জাল! পাঠশালাত যুৱকক আটক