কলেজীয়া দিনতে এহাল যুৱক-যুৱতীয়ে একেলগে দেখা দেশসেৱাৰ সপোনে অৱশেষত লাভ কৰিলে বাস্তৱ ৰূপ। বহু বছৰৰ প্ৰস্তুতি আৰু অধ্যৱসায়ৰ অন্তত ভাৰতীয় সেনাবাহিনী আৰু নৌবাহিনীৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে ৰবিন সিং তালান আৰু স্বাতী কুমাৰীয়ে। ভাৰতীয় সামৰিক একাডেমী (আইএমএ)-ত অনুষ্ঠিত পাছিং-আউট পেৰেডত ৰবিন সিং তালানে লেফটেনেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে। সেই বিশেষ মুহূৰ্তত দৰ্শক আসনত উপস্থিত থাকে তেওঁৰ পত্নী তথা ভাৰতীয় নৌবাহিনীৰ বিষয়া লেফটেনেণ্ট স্বাতী কুমাৰী। গ্ৰেটাৰ নয়ডাৰ ২৮ বছৰীয়া ৰবিন আৰু ২৭ বছৰীয়া স্বাতীৰ পৰিচয় ঘটিছিল কলেজীয়া দিনতে। সেই সময়ত দুয়োজনে সশস্ত্ৰ বাহিনীৰ বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক গভীৰ হয় যদিও দেশসেৱাৰ লক্ষ্য দুয়োজনৰ বাবে সমানে অটল হৈ থাকে। ৰবিনে প্ৰথমে ভাৰতীয় বায়ুসেনাত কৰ্পোৰেল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কিন্তু বিষয়া হিচাপে দায়িত্ব গ্ৰহণৰ লক্ষ্য লৈ তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখে। ২০২২ চনত আইএমএৰ আৰ্মি কেডেট কলেজ উইংত নামভৰ্তিৰ সুযোগ লাভ কৰাৰ পিছত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি এইবাৰ ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইফালে, স্বাতী কুমাৰীয়ে ২০২১ চনতেই ভাৰতীয় নৌবাহিনীত বিষয়া হিচাপে যোগদান কৰিছিল। ২০২৪ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে ব্যক্তিগত জীৱনৰ লগতে দেশসেৱাৰ লক্ষ্যকো একেলগে আগুৱাই নিয়াৰ উদাহৰণ দাঙি ধৰিছে। পাছিং-আউট পেৰেডৰ পিছত ৰবিনে জনায় যে কলেজীয়া দিনৰে পৰা দুয়োজনে ইউনিফৰ্ম পিন্ধি দেশসেৱা কৰাৰ লক্ষ্য লৈ আগবাঢ়িছিল। সেনাবাহিনী আৰু নৌবাহিনীৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণৰ জৰিয়তে সেই লক্ষ্য পূৰণ হোৱাটো তেওঁলোকৰ বাবে এক স্মৰণীয় মুহূৰ্ত বুলিও অভিহিত কৰে ৰবিনে। Share this:FacebookX Related Post navigation শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়তে আক্ৰমণৰ বলি অভিজিত দীপকে! অভিযুক্তই ক’লে- ‘মই ৰাষ্ট্ৰবাদী…’ বিশ্বকাপত ইতিহাস; ভাৰতীয় মূলৰ প্ৰথম ফুটবলাৰ হিচাপে অভিষেক নিশান ভেলুপিল্লাইৰ