দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল কৰ্তব্যৰত আৰক্ষীও। মণিপুৰৰ ইম্ফল পশ্চিম জিলাত কৰ্তব্য পালন কৰি থকাৰ সময়তে এগৰাকী যান-বাহন আৰক্ষীৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে আক্ৰমণত ব্যৱহাৰ কৰা ছুৰীখনো। আহত আৰক্ষী কৰ্মীজন হৈছে কোৱাকেইথেল মায়াই কৈবিৰ বাসিন্দা ছালাম তাৰুণ (৪৬)। চিটি আৰক্ষী থানাৰ অন্তৰ্গত শামু মাখং এলেকাত কৰ্তব্যৰত অৱস্থাত আছিল তেওঁ। আৰক্ষীয়ে জনোৱা মতে, সেই সময়তে এজন যুৱকে পিছফালৰ পৰা তেওঁক ছুৰীৰে আক্ৰমণ কৰে। আক্ৰমণত আঘাতপ্ৰাপ্ত তাৰুণক ততাতৈয়াকৈ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন আৰক্ষী কৰ্মীজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাৰ পিছতে অনুসন্ধান অভিযান আৰম্ভ কৰে আৰক্ষীয়ে। অভিযান চলাই নংপক ছেকমাইৰ বাসিন্দা মাইবাম উমাকান্ত (২০)ক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তজন ইম্ফল পশ্চিম জিলাৰ ৱাহেংবাম লেইকাইত এটা ভাড়াঘৰত বাস কৰি আছিল। অভিযুক্তজনৰ ওচৰৰ পৰা আক্ৰমণত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা ছুৰীখনো জব্দ কৰে আৰক্ষীয়ে। কি উদ্দেশ্যে এই আক্ৰমণ সংঘটিত কৰা হ’ল আৰু ইয়াৰ আঁৰত আন কোনো কাৰণ জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি এটা গোচৰ ৰুজু কৰা হৈছে। Share this:FacebookX Related Post navigation পাকিস্তান-সমৰ্থিত সন্ত্ৰাস-অপৰাধ চক্ৰ উৎখাত; দিল্লীত ৭ সহযোগীক গ্ৰেপ্তাৰ বিশেষ কোষৰ বশিষ্ঠ আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী