সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত এটা সন্ত্ৰাস-অপৰাধ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই দিল্লী আৰক্ষীৰ বিশেষ কোষে সাতজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, পাকিস্তানস্থিত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত এই চক্ৰটোৱে দিল্লী-এনচিআৰত অস্ত্ৰ, গুলী-বাৰুদ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গ্ৰেপ্তাৰ হোৱা লোকসকল গেংষ্টাৰৰ পৰা সন্ত্ৰাসবাদীলৈ পৰিণত হোৱা শাহজাদ ভাট্টি আৰু তেওঁৰ সহযোগী আজমল গুজ্জৰৰ সৈতে জড়িত আছিল। আৰক্ষীৰ দাবী অনুসৰি, এই চক্ৰটোৱে পাকিস্তানৰ পৰা পঞ্জাব সীমান্ত হৈ অবৈধ অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী আনি দিল্লী-এনচিআৰৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰিছিল।

আৰক্ষীয়ে কয় যে, মে’ মাহত লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত এই চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল। তদন্তত পোহৰলৈ আহে যে, পাকিস্তানস্থিত সহযোগীসকলে সামাজিক মাধ্যম আৰু এনক্ৰিপ্টেড যোগাযোগ মাধ্যমৰ জৰিয়তে দিল্লী-এনচিআৰৰ যুৱকসকলক নিজৰ নেটৱৰ্কত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছিল।

বিশেষ কোষে প্ৰথমে উত্তৰ-পূব দিল্লীৰ পৰা মোহিত নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা এটা অবৈধ পিষ্টল, গুলী আৰু নেটৱৰ্কটোৰ সৈতে যোগাযোগৰ তথ্য থকা এটা ম’বাইল ফোন উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে চলোৱা তদন্তৰ ভিত্তিত আন ছয়জন সহযোগীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা লোকসকলক অনাস ত্যাগী (২৬), মোহিত (২৬), দীপক আগৰৱালা (৩৮), আৰিফ (৩০), কৰণবীৰ সিং (২৬), যতন (২৯) আৰু ছাবিৰ (৩০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, অভিযুক্তসকলে পাকিস্তানৰ পৰা ড্ৰোনৰ জৰিয়তে অহা অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী সংগ্ৰহ কৰি দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বিতৰণ কৰাৰ দায়িত্ব লৈছিল। ইয়াৰে কিছুমানে ৰাজহুৱা স্থান আৰু সম্ভাৱ্য লক্ষ্যস্থানৰ তথ্য সংগ্ৰহ কৰি পাকিস্তানস্থিত সহযোগীসকললৈ ছবি আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল বুলিও আৰক্ষীয়ে দাবী কৰিছে।

দিল্লী আৰক্ষীৰ বিশেষ কোষে জানিবলৈ দিয়া মতে, এই অভিযানৰ জৰিয়তে অঞ্চলটোত সংঘটিত হ’ব পৰা কেইবাটাও সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰা হৈছে। তদন্ত অব্যাহত আছে আৰু চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধান চলাই থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *