উত্তৰ আৰু পূব ভাৰতত সক্ৰিয় দেশৰ অন্যতম বৃহত্তম মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান মেদান্তই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ আৰু মহিলাৰ স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীত মহিলাৰ স্বাস্থ্য বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰে। নাৰী সবলীকৰণৰ বাবে কাম কৰা এটা বেচৰকাৰী সংগঠন অপৰূপাৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই অধিবেশনত মেদান্ত গুৰুগ্ৰামৰ ইউৰ’গাইনক’লজী বিভাগৰ সহযোগী সঞ্চালিকা ডাঃ অমিতা জৈনে অংশগ্ৰহণ কৰি প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সঠিক চিকিৎসা সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। বিশিষ্ট লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী আৰু অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাই এই পদক্ষেপৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মেদান্তা মেডিক্লিনিক গুৱাহাটীৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ মালবিকা ভাগৱতী আৰু মেদান্ত গুৰুগ্ৰামৰ ব্ৰেষ্ট চাৰ্ভিচেছ বিভাগৰ সহযোগী পৰামৰ্শদাতা ডাঃ অনন্যা দেউৰীও উপস্থিত থাকে।এই আলোচনা চক্ৰত মহিলাৰ নিজৰ স্বাস্থ্যৰ অধিকাৰ, লক্ষণসমূহৰ ওপৰত দৃষ্টি ৰখা, চিকিৎসাৰ ইতিহাস লিপিবদ্ধ কৰি ৰখা, পুষ্টি, শাৰীৰিক সক্ৰিয়তা, টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণ আদি বিষয়সমূহ সামৰি লোৱা হয়। দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱাৰ পূৰ্বেই মহিলাসকলক নিজৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধান কৰিবলৈ উৎসাহিত কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীয়ে অসমত বিশেষজ্ঞ স্বাস্থ্যসেৱাৰ সুলভতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সজাগতা বৃদ্ধিৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য’ত সামূহিক অংশগ্ৰহণৰ জৰিয়তে স্থানীয় বাসিন্দা আৰু পেচাদাৰী চিকিৎসা সেৱাৰ মাজত সংযোগ স্থাপন কৰিব পৰা যায়। মেদান্তৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰোগীসকলে গুৱাহাটীৰ বেলতলা-বশিষ্ঠ ৰোডৰ অম্বিকা শ্ৰাইনস্থিত মেডিক্লিনিকত ডাঃ ভাগৱতীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। চিকিত্সক নিৰ্বাচন আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত সহায় কৰিবলৈ চিকিৎসালয় গোষ্ঠীটোৱে উত্তৰ-পূবৰ বাবে এটা সমৰ্পিত হেল্পলাইন নম্বৰ 89043 95588 মুকলি কৰিছে। এই হেল্পলাইন নম্বৰটো পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ অসমীয়া, বঙালী, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ হ’ব। বৰ্তমান মেদান্তই ৬খন চিকিৎসালয় পৰিচালনা কৰি আছে আৰু গুৱাহাটীত এখন চিকিৎসালয়কে ধৰি ৫খন নতুন চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে। Share this:FacebookX Related Post navigation সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ