মঙলবাৰে নিশা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তৃণমূলৰ কংগ্ৰেছৰ সাংসদ দোলা সেনে অভিযোগ কৰা অনুসৰি, এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ মমতা বেনাৰ্জীক আক্ৰমণ কৰাৰ চেষ্টা কৰে ৷সাংসদ সেনে দাবী কৰা অনুসৰি, সন্দেহযুক্ত মহিলাগৰাকীয়ে নিজকে ‘চিভিক ভলেণ্টিয়াৰ’ বুলি পৰিচয় দিছিল । আনকি নিজকে মমতা বেনাৰ্জীৰ ভতিজী বুলিও দাবী কৰিছিল । এই ঘটনাক লৈ কালীঘাট থানাত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে ৷ Share this:FacebookX Related Post navigation গুৱাহাটীত মেদান্তৰ কল্যাণমূলক পদক্ষেপ: মহিলাৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে ‘ৱমেনছ হেল্থ টক’ৰ আয়োজন ৰঙিয়াত উচ্ছেদ অভিযান