ৰঙিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ’কৰ উৰণীয়া সেতুৰ সমীপত প্ৰশাসনৰ তৰফৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে অবৈধভাৱে পকী তথা কেঁচা ঘৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল।পুৱাৰ ভাগৰ পৰা সমজিলা প্ৰশাসনে কাৰ্যবাহী দণ্ডাধীশ আৰু বৃহৎ সংখ্যক আৰক্ষী তথা অৰ্ধসাময়িক বাহিনীৰ উপস্থিতিত এই উচ্ছেদ অভিযান আৰম্ভ কৰে। জেচিবি আৰু বুলড’জাৰ লগ লগাই পথৰ কাষৰ সকলো অবৈধ নিৰ্মাণ আৰু টিনশেমৰ দোকান ভাঙি গুচি ভূমিখণ্ড বেদখল মুক্ত কৰা হয়। প্ৰশাসনৰ এই আকস্মিক তথা কঠোৰ পদক্ষেপে সমগ্ৰ ৰঙিয়া চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ