বিহাৰৰ বৈশালী জিলাৰ ৰাঘোপুৰৰ সমীপত মঙলবাৰৰ মাজনিশা এখন নাও ডুবি ১৩টি নাবালকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ বৈশালী জিলা দণ্ডাধীশ বৰ্ষ সিঙে এই কথা নিশ্চিত কৰিছে । নাৱেৰে ওচৰৰ গাঁৱৰ এঘৰত ভোজ খাবলৈ যোৱাৰ সময়তে নাওখন নদীত ডুব যায় ৷ আন কেইবাজনকো উদ্ধাৰ কৰা হৈছে ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *