বিৰোধীৰ বিৰুদ্ধে নহয়, এইবাৰ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। বিজেপি শাসিত মধ্যপ্ৰদেশৰ মোহন যাদৱ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। বিজেপি শাসিত ৰাজ্যখনৰ বন বিভাগ আৰু জিলা প্ৰশাসনে নিজৰ সংসদীয় সমষ্টি বিদিশাৰ অন্তৰ্গত কোচমী গাঁৱত চলোৱা উচ্ছেদ অভিযানক ‘অত্যাচাৰৰ চৰম সীমা’ আখ্যা দি ক্ষোভত ফাটি পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। প্ৰশাসনে বলপূৰ্বকভাৱে দৰিদ্ৰ জনজাতীয় পৰিয়ালসমূহৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে পথাৰৰ শস্য ধ্বংস কৰিছে আৰু পানীৰ কুঁৱাবোৰো মাটিৰে পুতি পেলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে চৌহানে। বুধনী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনত প্ৰশাসনে বুলডোজাৰ চলোৱাৰ খবৰ পোৱাৰ লগে লগেই কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে কোচমীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালসমূহক সাক্ষাৎ কৰে। উল্লেখ্য যে, এই অঞ্চলটো চৌহানৰ সংসদীয় সমষ্টি বিদিশা আৰু পূৰ্বৰ বিধানসভা সমষ্টি বুধনীৰ অন্তৰ্গত। ইয়াৰ পূৰ্বেও কেইমাহমান পূৰ্বে বন বিভাগে একেধৰণৰ অভিযান চলাবলৈ চেষ্টা কৰাৰ সময়ত শিৱৰাজে বিষয়াসকলৰ সৈতে আলোচনা কৰি জনজাতীয় লোকসকলৰ ঘৰ নভঙাৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি দেওবাৰে পুনৰ প্ৰশাসনে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে। উচ্ছেদস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত আৱেগিক হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তেওঁ কয়, “মোৰ নিজৰ সমষ্টিতে অত্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰা হৈছে। ৰাতিপুৱালৈকে যিবোৰ ঘৰত শিশুৰ হাঁহি শুনা গৈছিল, তাত এতিয়া কেৱল কান্দোনৰ ৰোল। মহিলাই বুকু চপৰিয়াই কান্দিছে। তেওঁলোকৰ ঘৰ ধ্বংস কৰাৰ লগতে মাটিৰ তলত শস্য পুতি পেলাইছে। বহু পুৰণি ঘৰবোৰ এফালৰ পৰা ধ্বংস কৰি দিলে। যিসকলে এই কাম কৰিছে, তেওঁলোক অত্যন্ত নিৰ্দয় আৰু অনুভূতিহীন। ঈশ্বৰেও এওঁলোকক ক্ষমা নকৰিব। এই কাণ্ডৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত যাতে ভৱিষ্যতে কোনো নৰপিশাচে এনে অন্যায় কৰিবলৈ সাহস নকৰে।” ঘটনাৰ পিছতেই শিৱৰাজ সিং চৌহানে ঘটনাস্থলীৰ পৰাই মধ্যপ্ৰদেশৰ মুখ্য সচিব অশোক বৰ্ণৱালক ফোন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তদুপৰি ৰাজ্যিক বিজেপিৰ সভাপতি হেমন্ত খাণ্ডেলৱালক বিষয়টো জনাই অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ সৈতেও এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব বুলি সদৰী কৰে। দৰিদ্ৰ লোকসকলক গৃহহীন কৰা কোনো বিষয়াক ৰেহাই দিয়া নহ’ব বুলি সকীয়নি দি তেওঁ ঘোষণা কৰে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে স্থায়ী ব্যৱস্থা নোহোৱালৈকে তেওঁলোকৰ থকা-খোৱাৰ সমস্ত দায়িত্ব পালন কৰা হ’ব। ইফালে বিজেপিৰ এই আভ্যন্তৰীণ সংঘাতক তীব্ৰ সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছে। মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি উমং সিংঘাৰে এই ঘটনাক মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু শিৱৰাজ সিং চৌহানৰ মাজৰ ক্ষমতাৰ যুঁজ বুলি অভিহিত কৰে। সামাজিক মাধ্যমত উচ্ছেদৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে যে মোহন আৰু ‘মামা’ৰ মাজৰ টনা-আঁজোৰাৰ বলি হৈছে গাঁৱৰ দৰিদ্ৰ জনজাতীয় লোকসকল। বিজেপি চৰকাৰৰ এই আভ্যন্তৰীণ বিবাদৰ বাবেই বাৰেলা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ শস্য নষ্ট কৰি তেওঁলোকক গৃহহীন কৰি তোলাৰ অভিযোগ তোলে বিৰোধী দলপতিগৰাকীয়ে। Share this:FacebookX Related Post navigation আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাত এইবাৰ ‘স্বৰ্ণগিৰি’ৰ আকৰ্ষণ