Month: May 2026

পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ শংকা; গুৱাহাটীত মাটি কটাত নিষেধাজ্ঞা প্ৰশাসনৰ

বাৰিষা কালত গুৱাহাটী মহানগৰীত হ’বলগীয়া সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত হ’বলগীয়া ভূমিস্খলন আৰু কৃত্ৰিম বান ৰোধ কৰিবলৈ…

ৰাজ্যত কালৰূপ ধাৰণ কৰিব প্ৰকৃতিয়ে! একাধিক জিলাত ২১ মে’লৈকে জাৰি হাই এলাৰ্ট

প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু বজ্ৰপাতে অনাগত দিনকেইটাত বিপৰ্যস্ত কৰিব পাৰে সমগ্ৰ ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা। অহা ২১ মে’লৈকে অসমৰ কেইবাখনো জিলাত ধাৰাবাহিকভাৱে ধুমুহা, বিজুলী-ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয়…

ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ: গ্ৰীচ আৰু ইজৰাইলৰ সমৰ্থন

প্ৰবীন গ্ৰীক আৰু ইজৰাইলী কূটনীতিবিদসকলে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)-ৰ পৰিকল্পনাক আদৰণি জনাইছে। তেওঁলোকৰ মতে, এই প্ৰস্তাৱিত বাণিজ্য পথটোৱে বিপুল অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে আৰু দীৰ্ঘদিন ধৰি সংঘাতজৰ্জৰ হৈ…

দেশৰ ভিতৰতে প্ৰথম! কাজিৰঙাত মুকলি কৰা হ’ল ছেটেলাইট-টেগ সংযুক্ত গংগা কাছ

বন্যপ্ৰাণী সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণৰ ক্ষেত্ৰত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘বিপন্ন প্ৰজাতি দিৱস’ৰ সৈতে সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় দেশৰ…

মণিপুৰৰ সংঘৰ্ষ: সকলো বন্দীক মুকলি কৰিবলৈ ইউনাইটেড খ্ৰীষ্টীয়ান ফৰামৰ আহ্বান

উত্তৰ-পূব ভাৰতৰ ইউনাইটেড খ্ৰীষ্টীয়ান ফৰামে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সকলো বন্দীক মুকলি কৰিবলৈ উত্তৰ-পূব অঞ্চলৰ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু অংশীদাৰক আহ্বান জনাইছে। “এই কঠিন সময়ত, উত্তৰ-পূব ভাৰতৰ…

গ্ৰীষ্মকালত বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ কুচকাৱাজ; ৰাজ্যত ঔদ্যোগিক বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা

ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ আৰু প্ৰশাসনিক সংস্কাৰৰ লক্ষ্যৰে কাৰ্যভাৰ গ্ৰহণৰ দ্বিতীয় দিনটোতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে অনুষ্ঠিত ধাৰাবাহিক পৰ্যালোচনা বৈঠকত ৰাজ্যৰ ঔদ্যোগিক বিকাশ আৰু গ্ৰীষ্মকালত…

প্ৰভসিমৰানৰ অৰ্ধশতক, অন্তিম মুহূৰ্তৰ দ্ৰুত সংগ্ৰহেৰে পঞ্জাৱ কিংছ ২০০/৮ লৈ উন্নীত

প্ৰভসিমৰান সিঙৰ এক সাৱলীল অৰ্ধশতকৰ পিছত শাৰ্দুল ঠাকুৰৰ চাৰিটা উইকেটৰ ধুমুহাই পঞ্জাৱ কিংছৰ বেটিং বিপৰ্যয় মাতি আনিছিল যদিও শেষৰ ফালে দ্ৰুত গতিৰ ৰানে দলটোক এক প্ৰতিযোগিতামূলক স্থিতিলৈ লৈ যায়। বৃহস্পতিবাৰে…

গুৱাহাটী বিশ্ববিদ্যালয়ত স্বেচ্ছা ৰক্তদান শিবিৰ অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ ইউনিটৰ উদ্যোগত, গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ভৱনত এক স্বেচ্ছা…

প্ৰতিৰক্ষা বিভাগৰ ফায়াৰিং ৰেঞ্জত শোকাবহ দুৰ্ঘটনা; কৰ্তব্যৰত অৱস্থাত প্ৰাণ গ’ল জেচিঅ’ৰ

দেশৰ সামৰিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰতিৰক্ষা নিৰাপত্তা বাহিনীৰ এজন বিষয়া শুকুৰবাৰে এক আকস্মিক দুৰ্ঘটনাত পতিত হয়। মহাৰাষ্ট্ৰৰ ৱাৰ্ধা জিলাৰ পুলগাঁওস্থিত কেন্দ্ৰীয় গোলা-বাৰুদ ডিপোৰ ফায়াৰিং ৰেঞ্জত নিয়মীয়া অনুশীলন চলি থকাৰ…

জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধকৰণৰ দাবীত বিজেপিৰ উত্তাল প্ৰতিবাদ; শ্ৰীনগৰত আৰক্ষীৰ হাতত আটক কেইবাজনো নেতা

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক নেতা-কৰ্মী। শ্ৰীনগৰৰ ৰাম মুন্সীবাগ পাৰ্কৰ সমীপত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ চৰকাৰী…