গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ ইউনিটৰ উদ্যোগত, গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ভৱনত এক স্বেচ্ছা ৰক্তদান শিবিৰ সফলভাৱে অনুষ্ঠিত হয়।উক্ত শিবিৰত ৬০ জনতকৈ অধিক স্বেচ্ছাসেৱকে উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু প্ৰায় ৩০ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয়, যি ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন কেঞ্চাৰ ৰোগীসকলৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব। শিবিৰৰ উদ্বোধনী অনুষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ ইউনিটৰ কাৰ্যসূচী বিষয়া ডাঃ ঋতুপৰ্ণা বৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হয়।

তেওঁ ৰক্তদানৰ দৰে মহান কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা স্বেচ্ছাসেৱকসকলক অভিনন্দন জ্ঞাপন কৰে। গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি আৰু বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক তুলসী বেজবৰুৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি যুৱ সমাজক সামাজিক সেৱামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰু ৰক্তদানৰ জৰিয়তে জীৱন ৰক্ষাৰ মহান কৰ্মত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসক দলৰ তত্বাৱধানত ৰক্ত সংগ্ৰহ কাৰ্য সম্পন্ন হয়। ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ডাঃ ৰঞ্জিতা শৰ্মা আৰু ডাঃ কৰবী কুলি উপস্থিত থাকি সকলো স্বাস্থ্য আৰু সুৰক্ষা বিধি মানি শিবিৰ সুচাৰুৰূপে পৰিচালনাত সহায় কৰে। ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক-শিক্ষয়িত্ৰী আৰু এন এছ এছ স্বেচ্ছাসেৱকসকলে সক্ৰিয় সহযোগিতা আগবঢ়াই অনুষ্ঠানটোক সফল কৰি তোলে। আয়োজকসকলে সকলো ৰক্তদাতা, স্বেচ্ছাসেৱক আৰু চিকিৎসক দলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *