হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।বৈৰাগড়ৰ পৰা চাম্বাৰ দিশে গৈ থকা বাছখনত দুৰ্ঘটনাৰ সময়ত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। চালুজ মোড়ৰ সমীপত হঠাতে বাছখন দুৰ্ঘটনাত পতিত হোৱাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। Share this:FacebookX Related Post navigation আকৌ সাজু হৈছে CJP বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন