মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে ঘোষণা কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰ দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আইন-শৃংখলাজনিত পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত ৯ আৰু ১০ অক্টোবৰত দিল্লীৰ সকলো সুৰাৰ বিপণি বন্ধ ৰখাৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে দিল্লী চৰকাৰে। দিল্লী আবকাৰী বিভাগে ৮ অক্টোবৰত জাৰি কৰা এক জাননীত উল্লেখ কৰা অনুসৰি, দিল্লী আৰক্ষীৰ পৰা লাভ কৰা চোৰাংচোৱা তথ্য আৰু বৰ্তমানৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট অনুজ্ঞাপত্ৰপ্ৰাপ্ত সকলো খুচুৰা সুৰা বিপণি বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি চিজেপিয়ে অহা ১০ অক্টোবৰত যন্তৰ মন্তৰত এক বৃহৎ গণ প্ৰতিবাদৰ আহ্বান জনাইছে। অৱশ্যে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে যন্তৰ মন্তৰত কোনো ধৰণৰ প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা হোৱা নাই। লগতে আৰক্ষী প্ৰশাসনে কোনো অননুমোদিত সমাৱেশত অংশ নল’বলৈ ৰাইজক সতৰ্ক কৰি দিছে। প্ৰতিবাদক প্ৰতিহত কৰিবলৈ ৰাজধানীত অভূতপূৰ্ব নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। দিল্লীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰায় ১১,০০০ অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই অতিৰিক্ত বাহিনীৰ সংযোজনৰ পিছত ৰাজধানীত কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ সংখ্যা প্ৰায় ২৬,০০০ লৈ বৃদ্ধি পাব। উল্লেখ্য যে, ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াৰ বিসংগতি আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত ইতিমধ্যে বিৰোধী দল আৰু নাগৰিক সমাজে আন্দোলন তীব্ৰতৰ কৰি তুলিছে। যোৱা ২ অক্টোবৰৰ পৰাই আইছা আৰু বাওঁপন্থী দলসমূহে আন্দোলন অব্যাহত ৰখাৰ লগতে কংগ্ৰেছকে ধৰি বিৰোধী সাংসদসকলেও দিল্লীৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতেই শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ৰাজধানীত সুৰা নিষিদ্ধকৰণৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। Share this:FacebookX Related Post navigation নানা পাটেকাৰৰ বিয়োগৰ পিছতে বিতৰ্কিত মন্তব্য অভিনেত্ৰী তনুশ্ৰী দত্তৰ; আখ্যা দিলে ‘চয়তান’ আৰু ‘অহংকাৰী’ অসম কেবিনেটত প্ৰধানমন্ত্ৰী মোডীৰ অৱদানৰ সন্দৰ্ভত ৭৫টা প্ৰস্তাৱ গ্ৰহণ