মুখ্যমন্ত্ৰী শৰী লালদুহোমাই যোৱা ৭ আগষ্ট ২০২৬ত নৱ দিল্লীৰ ১০২ হুমায়ুনপুৰ, ছফদৰজং এনক্লেভ*ত ‘মেডবাইমিজো’ কিয়স্কৰ উদ্বোধন কৰে। মিজোৰাম হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টছ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড (ZOHANDCO) ৰ উদ্যোগত এই কিয়স্ক স্থাপন কৰা হৈছে।
‘মেডবাইমিজো’ কিয়স্ক হৈছে মিজোৰামৰ জনসাধাৰণৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এটা খুচুৰা বিক্ৰী কেন্দ্ৰ। ইয়াক ভাৰত চৰকাৰৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ RAMP (Raising and Accelerating MSME Performance) আঁচনিৰ অধীনত স্থাপন কৰা হৈছে।
ZOHANDCO মিজোৰামত RAMP আঁচনিৰ বাবে ৰাজ্যিক ন’ডেল এজেন্সী (SNA) আৰু আঁচনিৰ অধীনৰ বিপণন হস্তক্ষেপৰ বাবেও দায়িত্বশীল। এই উদ্যোগৰ অংশ হিচাপে ZOHANDCOই ইতিমধ্যে MadebyMizo.com নামৰ এটা ই-কমাৰ্চ প্লেটফৰ্ম আৰম্ভ কৰিছে, য’ত মিজো উদ্যোগী আৰু শিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰী উপলব্ধ।
‘মেডবাইমিজো’ কিয়স্ক MadebyMizo ই-কমাৰ্চ প্লেটফৰ্মত তালিকাভুক্ত সামগ্ৰীসমূহৰ বাবে এটা ভৌতিক খুচুৰা বিক্ৰী কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে, যাৰ ফলত বিক্ৰী আৰু প্ৰচাৰ বাবে অধিক সুযোগ সৃষ্টি হ’ব। নৱ দিল্লীৰ উপৰিও বেংগালুৰু আৰু কলকাতো ‘মেডবাইমিজো’ কিয়স্ক স্থাপনৰ বাবে ZOHANDCOই কাম কৰি আছে।
এই কিয়স্কসমূহ কেৱল খুচুৰা বিক্ৰী কেন্দ্ৰ হিচাপেই নহয়, MadebyMizo ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে কৰা অনলাইন অৰ্ডাৰৰ বাবে ফুলফিলমেণ্ট পইণ্ট হিচাপেও কাম কৰিব। ইয়াৰ ফলত আইজলৰ পৰা পঠিওৱাৰ পৰিৱৰ্তে কিয়স্কৰ পৰাই পোনপটীয়াকৈ অৰ্ডাৰ প্ৰেৰণ কৰিব পাৰিব, যাৰ ফলত দ্ৰুত আৰু অধিক কাৰ্যক্ষম বিতৰণ সম্ভৱ হ’ব।
নৱ দিল্লীৰ ‘মেডবাইমিজো’ কিয়স্কখন ৭৫০ বৰ্গফুট এলেকাত বিস্তৃত আৰু ইয়াক ₹৭১.৪১ লাখ ব্যয়ত স্থাপন কৰা হৈছে।
উদ্বোধনৰ পিছত ছফদৰজং এনক্লেভৰ Kidang Restaurantত মুখ্যমন্ত্ৰীৰ এক গ্ৰেণ্ড ডিনাৰৰ আয়োজন কৰা হয়। সমবেত লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰী পু লালদুহোমাই কয় যে মিজোৰামৰ চৰকাৰী খণ্ডৰ উদ্যোগ (PSU) সমূহ পৰম্পৰাগতভাৱে ৰাজ্য চৰকাৰ বাবে আৰ্থিক বোজা আছিল। কিন্তু তেওঁৰ চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ পিছৰে পৰা PSU সমূহ সংস্কাৰ আৰু শক্তিশালী কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছে। ZOHANDCOই শেহতীয়াকৈ লাভ কৰা অগ্ৰগতি এই সংস্কাৰ প্ৰচেষ্টাৰ স্পষ্ট প্ৰতিফলন বুলি তেওঁ উল্লেখ কৰে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত শ্ৰী ৰিচাৰ্ড ভানলালহমাংগাইহা, সাংসদ; শ্ৰী কে. লালতলুৱাংকিমা, সাংসদ; অধ্যাপক লালনিলাৱমা, মন্ত্ৰী; পু জে.কে. দাৱংজুৱালা, অধ্যক্ষ, ZOHANDCO আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *