ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব ৷ ইতিমধ্যে সকলোৰে জ্ঞাত এই খবৰে বহু সম্ভাৱনা কঢ়িয়াই আনিছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণৰ কাম হাতত লৈছে ৷তাৰোপৰি আজ্ঞাঠুৰি আৰু কামাখ্যা ষ্টেচনৰ মাজত দ্বৈত ৰে’লপথ স্থাপন কৰাটোও এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই প্ৰকল্প অসমৰ পৰিবহণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব ।উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, ‘‘বৰ্তমানৰ শৰাইঘাট দলঙৰ কাম ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হৈছিল ৷ ১৯৬২ চনৰ ২৩ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে এটা ৰে’ল ইঞ্জিনে দলংখন অতিক্ৰম কৰিছিল ।’’তেওঁ লগতে কয়, ‘‘ছয় দশকৰো অধিক সময় ধৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজৰ সংযোগৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ লগতে উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰি আহিছে । এই অঞ্চলত যাত্ৰী আৰু মালবাহী ৰে’ল চলাচলৰ ধাৰাবাহিক বৃদ্ধিৰ লগে লগে এই মূল কৰিডৰৰ ক্ষমতা বৃদ্ধি কৰাটো আৰু অধিক প্ৰয়োজনীয় হৈ পৰিছে ।’’ Share this:FacebookX Related Post navigation সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট সীমান্ত শেখৰৰ দুৰ্গা পূজাত বেছিকৈ পাব অৰুণোদয়ৰ ধন