বন্যপ্ৰাণী সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণৰ ক্ষেত্ৰত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘বিপন্ন প্ৰজাতি দিৱস’ৰ সৈতে সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় দেশৰ প্ৰথমটো ছেটেলাইট-টেগযুক্ত ‘গংগা চফ্টশ্বেল’ কাছ (Ganges softshell turtle)। এই পদক্ষেপক দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক বিশেষ মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে এই তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ চহকী জৈৱ-বৈচিত্ৰ্য আৰু বিলুপ্তপ্ৰায় প্ৰজাতিসমূহ সুৰক্ষিত কৰিবলৈ চৰকাৰ সদায় দায়বদ্ধ। এই বিশেষ ছেটেলাইট-টেগিং প্ৰকল্পৰ জৰিয়তে বন বিভাগ আৰু গৱেষকসকলে এতিয়াৰে পৰা বিপন্ন কাছবিধৰ চলাচল তথা আচৰণ নিৰীক্ষণ কৰিব পাৰিব। অসমৰ বনাঞ্চল আৰু জলাশয়সমূহত পোৱা দুৰ্লভ প্ৰাণীবোৰৰ সুৰক্ষাত এই প্ৰযুক্তিয়ে সহায় কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, ভাৰতীয় উপ-মহাদেশৰ নদী তন্ত্ৰত পোৱা এই গংগা চফ্টশ্বেল কাছবিধ হৈছে এবিধ বিৰল মিঠা পানীৰ প্ৰজাতি। বাসস্থানৰ অভাৱ, প্ৰদূষণ আৰু অবৈধ চিকাৰৰ বাবে বৰ্তমান এই প্ৰজাতিটোৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে। কাজিৰঙাত আৰম্ভ হোৱা এই নতুন নিৰীক্ষণ ব্যৱস্থাই কাছবিধৰ দীৰ্ঘকালীন সুৰক্ষাৰ বাবে সঠিক পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিব। প্ৰকৃতি সুৰক্ষাৰ দিশত অসমে লাভ কৰা এই সফলতাক লৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰে। বৈজ্ঞানিক পদ্ধতিৰে বন্যপ্ৰাণী নিৰীক্ষণৰ এই প্ৰক্ৰিয়াই আগন্তুক সময়ত ৰাজ্যৰ বন বিভাগক অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। বিপন্ন প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই আন্তঃগাঁথনিমূলক কাম-কাজসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে। Share this:FacebookX Related Post navigation গ্ৰীষ্মকালত বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ কুচকাৱাজ; ৰাজ্যত ঔদ্যোগিক বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা