কেপ ভাৰ্ডে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ যাত্ৰা অব্যাহত ৰাখি শুকুৰবাৰে ইয়াত চৌদি আৰৱৰ বিৰুদ্ধে গ’লহীন ড্ৰ’ খেলিলে। ইয়াৰ সৈতে তেওঁলোকে বিশ্বকাপ ফুটবলৰ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত হ’ল। কেপ ভাৰ্ডে গ্ৰুপ ‘এইচ’ত নিজৰ তিনিওখন মেচ ড্ৰ’ কৰে, যাৰ ফলত তেওঁলোকে স্পেইনৰ পিছতে দ্বিতীয় স্থান লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ’বলৈ সক্ষম হয়।

এই গ্ৰুপত উৰুগুৱে আৰু চৌদি আৰৱে মাত্ৰ ২-২ পইণ্টহে লাভ কৰে আৰু তেওঁলোক প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত সৰু দ্বীপৰ ৰাষ্ট্ৰ কেপ ভাৰ্ডে ফুটবলৰ এই আটাইতকৈ ডাঙৰ মঞ্চত প্ৰথমবাৰৰ বাবে খেলিছে।

তেওঁলোকে নিজৰ প্ৰথমখন মেচত ২০১০ চনৰ চেম্পিয়ন স্পেইনক গ’লহীন ড্ৰ’ত ৰুদ্ধ কৰিছিল আৰু তাৰ পিছত উৰুগুৱেৰ বিৰুদ্ধে পিছপৰি থকাৰ পিছতো সুন্দৰ প্ৰত্যাৱৰ্তন কৰি মেচখন ২-২ গলত ড্ৰ’ কৰিছিল। কেপ ভাৰ্ডেৰ বাবে এয়া এক অতি বৃহৎ সাফল্য। তেওঁলোকে ৩ জুলাইত মিয়ামিত ‘ৰাউণ্ড অৱ ৩২’ৰ মেচত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ মুখামুখি হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *