ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘এইচ’ৰ মেচত স্পেইনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি উৰুগুৱেক ১-০ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে স্পেইনে ৰাউণ্ড অফ ৩২-ত নিজৰ স্থান নিশ্চিত কৰিছে।স্পেইনৰ বিৰুদ্ধে খেলা এই মেচখনত পৰাজয়ৰ লগতে উৰুগুৱেৰ এই টুৰ্নামেণ্টৰ যাত্ৰা সমাপ্ত হৈছে। স্পেইনৰ হৈ এই খেলখনত একমাত্ৰ গ’লটো কৰে এলেক্স বেনা-ই। স্পেইনে দুখন জয় আৰু এটা ড্ৰ’ৰ জৰিয়তে ৭ পইণ্ট লাভ কৰি গ্ৰুপৰ শীৰ্ষ স্থানত থাকে, আনহাতে বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা কেপ ভাৰ্ডে দলটোৱে তিনিটা ড্ৰ’ৰে দ্বিতীয় স্থান দখল কৰে। উৰুগুৱে গ্ৰুপ পৰ্যায়ত মাত্ৰ দুই পইণ্টহে অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰথমাৰ্ধত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যায়। উৰুগুৱে আৰম্ভণিতে ভাল খেল প্ৰদৰ্শন কৰি স্পেইনৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল। উৰুগুৱেৰ হৈ ফেডেৰিকো ভালভাৰ্ডে আৰু ডাৰউইন নুনিজেও এটা ভাল সুযোগ সৃষ্টি কৰিছিল, কিন্তু দলটোৱে তাক গ’ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। প্ৰথমাৰ্ধত দুয়োটা দলৰ গ’লকীপাৰে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰে। অৱশ্যে খেলৰ ৪২ নম্বৰ মিনিটত স্পেইনৰ দলটোৱে অৱশেষত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। Share this:FacebookX Related Post navigation বিশ্বকাপৰ নকআউটত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ কেপ ভাৰ্ডে