ঘূৰ্ণীবতাহ ৰিমলৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু বিঘিনিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক সহায় কৰিবলৈ ভি দায়বদ্ধ। এই জটিল সময়ছোৱাত মানুহৰ বাবে সংযুক্ত হৈ থকাৰ লগতে জৰুৰী তথ্যসমূহ লাভ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা অনুঢাৱন কৰি টেলিকম অপাৰেটৰে বৰাক উপত্যকা, মেঘালয়, মণিপুৰ আৰু মিজোৰামত বাস কৰা লোকসকলৰ বাবে প্ৰিপেইড সেৱাৰ ভেলিডিটী ৪ দিনলৈ বৃদ্ধি কৰিছে যাতে সকলোৱে সংযুক্ত হৈ থাকিব পাৰে। ভিয়ে কানেক্টিভিটী(সংযোগ) বৃদ্ধিৰ বাবে কোনো অতিৰিক্ত ব্যয় অবিহনে ১ জিবি অতিৰিক্ত ডাটা আৰু কেইবাটাও বিনামূলীয়া আউটগয়িং মিনিট প্ৰদান কৰিছে। এই সুবিধাসমূহ তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ নিৰ্বাচিত গ্ৰাহকৰ বাবে প্ৰযোজ্য। ভিৰ নেটৱৰ্ক দলে প্ৰভাৱিত অঞ্চলবোৰত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহভাৱে কাম কৰি আছে। Share this:FacebookX Related Post navigation পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা ব্যতিক্ৰম শিক্ষা সন্মিলনে সীমা অতিক্ৰমি পথ প্ৰদৰ্শন কৰিছে শৈক্ষিক সহযোগিতাৰ