দেওবাৰে সামৰণি পৰা আইপিএলৰ অৰেঞ্জ কেপ খিতাপ দখল কৰিলে ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে। চলিত আইপিএল ছিজনত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰাহক হিচাপে তেওঁ আইপিএলৰ অৰেঞ্জ কেপ খিতাপ জয় কৰে।

উল্লেখযোগ্য যে, দেওবাৰৰ ফাইনেল মেচত শুভমন গিল আৰু ছাই সুদৰ্শনে এই খিতাপ জয়ৰ সম্ভাৱনা জীয়াই ৰাখিছিল। কিন্তু মেচখনত শুভমন মাত্ৰ ১০ ৰানতে আউট হোৱাৰ পিছত সেই আশা নিৰ্বাপিত হয়। একেদৰে ছাই সুদৰ্শন ২০ ৰানত আউট হোৱাৰ লগে লগে বৈভৱৰ খিতাপ সম্পূৰ্ণৰূপে নিশ্চিত হয়।

আজি সামৰণি পৰা আইপিএলত বৈভৱৰ মুঠ ৭৭৬ ৰানৰ বিপৰীতে শুভমন গিলে ৭৩২ ৰান আৰু ছাই সুদৰ্শনে ৭২২ ৰান সংগ্ৰহ কৰে। আনহাতে, এই খিতাপ জয়ৰ লগে লগে বৈভৱ সূৰ্যবংশীয়ে অৰেঞ্জ কেপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে আইপিএলৰ ইতিহাসত আন এক অভিলেখ গঢ়িলে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *