আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি-২০ মেচৰ পৰা বাহিৰ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ ঈশান কিষাণ। খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ভৰিৰ পেশীৰ আঘাতত ভোগাৰ পাছত কিষাণ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিশ্চিত কৰিছে যে তেওঁ সুস্থতাৰ দিশে গতি কৰিছে যদিও বৰ্তমান মেচ খেলাৰ বাবে সম্পূৰ্ণ উপযুক্ত হৈ উঠা নাই। অৱশ্যে আঘাতপ্ৰাপ্ত হোৱা সত্ত্বেও চলিত বর্ষত টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে কিষাণে। চলিত বর্ষত ৩৫খন মেচত ৩৬.২১ গড় আৰু ১৭১.৪৪ স্ট্রাইক ৰেটেৰে তেওঁ সর্বমুঠ ১,১৫৯ ৰান সংগ্ৰহ কৰিছে, য’ত এটা শতক আৰু ৭টা অর্ধশতক অন্তৰ্ভুক্ত হৈ আছে। এটা কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ সূৰ্যকুমাৰ যাদৱৰ অভিলেখ (১,১৬৪ ৰান) ভংগ কৰিবলৈ কিষাণক মাত্র ৬ ৰানৰ প্ৰয়োজন। ইফালে, বি চি চি আয়ে তৃতীয়খন মেচৰ বাবে ঈশান কিষাণৰ বিকল্প হিচাপে ঝাৰখণ্ডৰ উদীয়মান বেটাৰ কুমাৰ কুশাগ্ৰক দলত অন্তর্ভুক্ত কৰিছে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পাছত কুশাগ্ৰই এই সুযোগ লাভ কৰিছে। আনহাতে, দ্বিতীয়খন টি-২০ মেচৰ দৰেই এই মেচখনতো বৈভৱ সূৰ্যৱংশীয়ে ৩ নম্বৰ স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation প্ৰাক্তন অসমৰ পেচাৰ কৃষ্ণ দাসক বিচিচিআইৰ জুনিয়ৰ বাছনি সমিতিত নিযুক্তি