এশ গৰু মাৰিলে বাঘৰো মৰণ! এই আপ্ত বাক্যশাৰীয়েই সত্য প্ৰমাণিত হ’ল এজন চতুৰ যুৱকৰ ক্ষেত্ৰত। ইনষ্টাগ্ৰামত দামী বাহন আৰু দামী পোছাক দেখুৱাই আড়ম্বৰপূৰ্ণ জীৱন প্ৰদৰ্শন কৰি আহিছিল যুৱকজনে। এটা বিলাসী জীৱন প্ৰদানৰ প্ৰলোভনেৰে তেওঁ লক্ষ্য কৰি লৈছিল ইগৰাকীৰ পিছত সিগৰাকী মহিলাক। বিশেষকৈ মহিলা আৰক্ষী কনিষ্টবলক প্ৰেমৰ জালত পেলাই লাখ লাখ টকা সৰকাই আহিছিল এই প্ৰৱঞ্চকে। কিন্তু এনেদৰে ২০ গৰাকীকৈ মহিলা কনিষ্টবলক নিজৰ জালত পেলাই অৱশেষত দিল্লী আৰক্ষীৰ জালত পৰিল এই কুখ্যাত প্ৰৱঞ্চকজন। ধৃত যুৱকজনক ২৩ বছৰীয়া বিক্ৰান্ত টোমাৰ বুলি চিনাক্ত কৰা হৈছে। উত্তৰ দিল্লীৰ বুৰাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত টোমাৰক। কৰোলবাগ থানাত কৰ্মৰত এগৰাকী মহিলা কনিষ্টবলে যুৱকজনৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভনেৰে প্ৰতাৰণা কৰাৰ এক লিখিত অভিযোগ দাখিল কৰাৰ পিছতেই পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে, প্ৰৱঞ্চনাৰ বলি হোৱা প্ৰায় ২০ গৰাকী মহিলা কনিষ্টবলেই আৰক্ষী বিভাগৰ একেটা বেচৰে সদস্য আছিল আৰু বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকৰ পৰা অভিযুক্ত যুৱকজনে প্ৰায় ২৪ লাখ টকা সৰকাই লৈছিল। তদন্তত আৰু পোহৰলৈ আহিছে যে ইনষ্টাগ্ৰামত বিলাসী হোটেলত নৈশভোজ আৰু দামী কফি খোৱাৰ দৃশ্য প্ৰচাৰ কৰি মহিলা কনিষ্টবলসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল বিক্ৰান্তে। মহিলা আৰক্ষীসকলক প্ৰভাৱিত কৰিবলৈ তেওঁ প্ৰায়েই ঘণ্টাৰ হিচাপত ভাড়াত বিলাসী বাহন আনি তেওঁলোকক ফুৰাবলৈ লৈ গৈছিল। লক্ষ্যণীয়ভাৱে, অভিযুক্ত বিক্ৰান্তৰ লিভ-ইন সংগীও দিল্লী আৰক্ষীৰে এগৰাকী মহিলা কনিষ্টবল। আৰক্ষীৰ সন্দেহ, নিজৰ সংগীৰ বেচমেটসকলৰ পৰাই বিভাগটোৰ অন্য মহিলা কনিষ্টবলসকলৰ তথ্য আৰু যোগাযোগ সংগ্ৰহ কৰিছিল অভিযুক্ত যুৱকজনে। ইফালে প্ৰতাৰণাৰ ধনৰ লেনদেন পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰিছে যে মহিলা কনিষ্টবলসকলৰ পৰা সংগ্ৰহ কৰা টকাখিনি ‘ৱান-এক্স’ নামৰ এটা অনলাইন জুৱা এপ্পৰ সৈতে জড়িত একাউণ্টলৈ হস্তান্তৰ কৰা হৈছিল। তদন্তকাৰী দলে বৰ্তমান এই বিত্তীয় লেনদেনৰ বিশদ তথ্য অনুসৰণ কৰি আছে। আৰক্ষীৰ তথ্য মতে, বিক্ৰান্তৰ বিৰুদ্ধে মায়াপুৰী, হৰি নগৰ, ইন্দৰপুৰী আৰু পূব জিলা চাইবাৰ থানাত ইতিমধ্যে একেধৰণৰ পাঁচটাকৈ প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ আছিল। যোৱা জুন মাহতহে জামিনত কাৰাগাৰৰ পৰা ওলাই অহা বিক্ৰান্তক বৰ্তমান কেন্দ্ৰীয় জিলা চাইবাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation গুৱাহাটী ৰে’ল ষ্টেচনত ‘দ্য টাৰ্মিনেল’ উদ্বোধন, একেলগে খাদ্য, বজাৰ আৰু বিনোদনৰ সুবিধা মানস ৰাষ্ট্ৰীয় উদ্যানত Osbeckia Assamensis নামৰ উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ