গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে জনমানসত ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটে এক সুকীয়া পৰিচিতি লাভ কৰি আহিছে। কিয়নো পাণ্ডুঘাটত যেনে ধৰণৰ শৃংখলাবদ্বভাৱে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় সেয়া তুলনাবিহীন। ইয়াত প্ৰতি বছৰে কোনে কিমান শৃংখলাবদ্ধ ভাৱে প্ৰতিমা বিসৰ্জন দিয়ে তাৰো এক প্ৰতিযোগিতা অনুষ্ঠিত হয় । সমান্তৰালভাৱে আন আন ক্ষেত্ৰ সমূহতো বিভিন্ন শিতানত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু সেই অনুসৰি সেই উদযাপন সমিতি সমূহক নগদ ধনসহ বঁটা প্ৰদান কৰা হয়। লক্ষণীয় বিষয়টো হল আন আন ঘাটত এদিনৰ বিপৰীতে পাণ্ডুঘাটত বিজয়া দশমী আৰু তাৰ পাছদিনা অৰ্থাৎ দুদিন ধৰি প্ৰতিমা বিসৰ্জন দিয়া হয়। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জানিবলৈ দিয়া মতে এইবেলি বৃহত্তৰ পাণ্ডু – মালিগাওঁকে ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ১১২ খন দূৰ্গা পূজা উদযাপন কমিটিয়ে দেৱী প্ৰতিমা বিসৰ্জন দিয়ে । তাৰ ভিতৰত ২১ অক্টোবৰ বিজয়া দশমীৰ দিনা মাজনিশালৈ ৭৭ খন আৰু পাঁচদিনা মাজনিশাকৈ ৩৫ খন প্ৰতিমা বিসৰ্জন দিয়া হয়। ইফালে পাণ্ডু – মালিগাওঁ অঞ্চলৰ বিশিষ্ট সমাজসেৱক সুদেশ কুমাৰ জৈনে ( মুন্নাভাই) দুয়োদিনতে তাত উপস্থিত থকা হাজাৰ হাজাৰ ভক্তক বিশুদ্ধ খোৱাপানীৰ বটল যোগান ধৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে । ২১ অক্টোবৰ বিজয়া দশমীৰ দিনা সন্ধিয়া স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৭.৩০ বজাত পাণ্ডুঘাটত উপস্থিত হৈ প্ৰায় এঘণ্টা ধৰি প্ৰতিমা বিসৰ্জন দিয়া পৰ্ব প্ৰত্যক্ষ কৰাৰ লগতে পাণ্ডুঘাট বিসৰ্জন কমিটীৰ বিষয়ববীয়া আৰু প্ৰতিমা বিসৰ্জন দিবলৈ অহা ভক্তসকলৰ লগতো মত বিনিময় কৰে। আনহাতে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালকে ধৰি জিলা প্ৰশাসন আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তকে ধৰি উচ্চপদস্থ বিষয়াসকলে পাণ্ডুঘাটলৈ আহি প্ৰতিমা বিসৰ্জন দিয়া পৰ্ব নিৰীক্ষণ কৰে। আনকি মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত বলীন দেউৰী, জালুকবাৰী সম জিলাৰ আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকা আৰু জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিঙে দুয়োদিনতে পাণ্ডুঘাটত বাঁহৰ পাতি এদল আৰক্ষী লৈ দেৱী প্ৰতিমা বিসৰ্জন দিয়া পৰ্ব তদাৰক কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে দুয়োদিনতে আৰক্ষী আৰু পাণ্ডুঘাট বিসৰ্জন কমিটিৰ স্বেচ্ছাসেৱকসকলৰ যৌথ উদ্যোগত শান্তিপূৰ্ণভাবে প্ৰতিমা বিসৰ্জন পৰ্ব সম্পন্ন হয়। Share this:FacebookX Related Post navigation প্ৰাক্তন অসমৰ পেচাৰ কৃষ্ণ দাসক বিচিচিআইৰ জুনিয়ৰ বাছনি সমিতিত নিযুক্তি