উত্তৰঃ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱক অগ্ৰণী ট্ৰেড ইউনিয়ন ‘এন এফ ৰেলৱে এম্পলইজ ইউনিয়ন’ৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ১৯৮৮ চনত আই আই টি খড়গপুৰৰ পৰা এম টেক ডিগ্ৰীধাৰী আৰু ১৯৯১ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়া চেতন কুমাৰ শ্ৰীবাস্তৱে অহা ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব। ভাৰতীয় ৰেলৱেত এজন নিষ্ঠাৱান বিষয়া হিচাপে পৰিচিত হৈ অহা চেতন কুমাৰ শ্ৰীবাস্তৱক অৱসৰৰ প্ৰাক ক্ষণত বিদায়ী সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এম্পলইজ ইউনিয়নৰ উদ্যোগত আয়োজিত সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই। আনহাতে ইউনিয়নৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাসে আঁত ধৰা সভাখনত মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱক এটা বৃহৎ জাপি, এৰী চাদৰ, গামোচা, হস্ত নিৰ্মিত পৰ্টেত আদিৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। সভাত ভাষণ প্ৰসংগত মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে তেওঁৰ চাকৰিকালত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক হিচাপে ২০২৩ চনৰ মাজভাগত যোগদান কৰাৰ পাছত বিগত সময়চোৱাত সকলোৰে সহায় সহযোগিতা লাভ কৰা বুলি ব্যক্ত কৰে আৰু এইক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়োৱা বাবে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ শলাগ লয় । সভাত অতিৰিক্ত মহা প্ৰবন্ধক ৰমেশ কুমাৰকে ধৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেবাজনো শীৰ্ষ বিষয়া আৰু অভিযন্তা , এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সভাপতি পাৰ্থ ভৌমিক, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱা , প্ৰকাশ বৰ্মন, দেৱাশীষ মুখাৰ্জী আৰু ৰাতুল বৰুৱা , কোষাধ্যক্ষ জোন দাস ইউনিয়নৰ ৰঙিয়া , কাটিহাৰ, লামডিং আৰু আলিপুৰ দুৱাৰ সংমণ্ডলৰ সভাপতি – সম্পাদক প্ৰমুখ্যে যুৱ মঞ্চ, মহিলা মঞ্চ আৰু কেবাটাও শাখাৰ কৰ্মকৰ্তা উপস্থিত থাকে। সভাত জনপ্ৰিয় কণ্ঠশিল্পী ডিম্পী সোণোৱাল আৰু দেবস্মিতা কাশ্যপে কেবাটাও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে Share this:FacebookX Related Post navigation পশ্চিমীয়া হলৌ বান্দৰ দৰ্শনৰে হলঙাপাৰত ট্রেকিং সম্পন্ন