হলঙাপাৰ গিবন অভয়াৰণ্যত প্রাইমেট ৱাচৰ তৃতীয় সংস্কৰণ সফলভাৱে অনুষ্ঠিত হয়। বিভিন্ন শৈক্ষিক আৰু পেছাগত পটভূমিৰ ১৯ গৰাকী অংশগ্রহণকাৰীয়ে প্রাইমেট সংৰক্ষণৰ সজাগতা আৰু অংশগ্রহণ বৃদ্ধিৰ বাবে এই কার্যসূচীত ভাগ লয়। ভাৰতত পোৱা একমাত্ৰ বান্দৰ প্ৰজাতি পশ্চিমীয়া হলৌ বান্দৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

অংশগ্রহণকাৰীসকলৰ ভিতৰত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী লোক, এগৰাকী চিকিৎসক, মৰিয়নী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক আৰু আৰণ্যকৰ প্রাইমেট গৱেষণা আৰু সংৰক্ষণ শাখাৰ বিষয়াসকল আছিল। প্রাইমেট সংৰক্ষণৰ বিষয়ে বুজাবুজি বৃদ্ধি, প্রাইমেট প্রজাতিয়ে সন্মুখীন হোৱা প্রত্যাহ্বানৰ বিষয়ে সজাগতা আৰু সংৰক্ষণত ৰাইজৰ সক্রিয় অংশগ্রহণক উৎসাহিত কৰাই আছিল এই পদক্ষেপৰ লক্ষ্য।

আদৰণি আৰু পৰিচয় পর্বৰে অনুষ্ঠান আৰম্ভ হয়। আৰণ্যকৰ প্রাইমেট গৱেষণা আৰু সংৰক্ষণ শাখাৰ সঞ্চালক তথা মুৰব্বী ড° দিলীপ চেত্ৰীয়ে প্রাইমেট, ইহঁতৰ অস্তিত্বৰ প্রতি ভাবুকি আৰু সুৰক্ষাৰ বাবে প্রয়োজনীয় ব্যৱস্থা সন্দৰ্ভত বক্তব্য ৰাখে। তেওঁ পশ্চিমীয়া হলৌ বান্দৰৰ পৰিৱেশগত গুৰুত্বৰ বিষয়েও আলোকপাত কৰে।

দুঘণ্টীয়া জংঘল ভ্রমণ আছিল কার্যসূচীৰ মূল আকর্ষণ। এই সময়ত অংশগ্রহণকাৰীসকলে প্রাকৃতিক পৰিৱেশত বন্যপ্রাণী প্রত্যক্ষ কৰে আৰু পশ্চিমীয়া হলৌ বান্দৰৰ লগতে ৰেছাছ বান্দৰৰ দল দেখা পায়। সাতবিধ প্রাইমেট প্রজাতিৰ আবাস হলঙাপাৰ গিবন অভয়াৰণ্য গৱেষণা আৰু সংৰক্ষণৰ বাবে এক গুৰুত্বপূর্ণ স্থান।

ভ্রমণৰ অন্তত অংশগ্রহণকাৰীসকলে নিজৰ অভিজ্ঞতাৰ আদান-প্রদান কৰে। বহুতে আৰণ্যকৰ সৈতে ভৱিষ্যতে সংৰক্ষণ কার্যত জড়িত হোৱাৰ ইচ্ছা প্রকাশ কৰে।

অংশগ্রহণৰ স্মৃতি হিচাপে সকলোকে হলৌ বান্দৰৰ ছবি থকা প্রমাণপত্র, পোষ্টাৰ আৰু ষ্টীকাৰ প্রদান কৰা হয়। ড° দিলীপ চেত্ৰীৰ শলাগ বক্তব্যৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *