বিশ্বকাপৰ প্ৰাক্ মুহূৰ্তত সংকটত দক্ষিণ আফ্ৰিকা ফুটবল দল। ভিছা জটিলতাৰ বাবে বিশ্বকাপলৈ যাবলগীয়া দলটোৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে। দলটোৱে আজি চাৰ্টাৰ্ড ফ্লাইটেৰে মেক্সিকোৰ পাচুকাত প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ ৰাওনা হোৱাৰ কথা আছিল; কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান খেলুৱৈ আৰু ছাপৰ্টিং ষ্টাফৰ ভিছা নথকাৰ বাবে যাত্ৰা স্থগিত কৰা হ’ল।
বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পূৰ্বে এনে অব্যৱস্থাপনাৰ বাবে প্ৰশিক্ষক হুগো ব্ৰুছে ক্ষোভ প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ ক্ৰীড়া মন্ত্ৰী গেইটন মেকেঞ্জীয়ে ঘটনাটোক অত্যন্ত লজ্জাজনক আৰু খেলুৱৈসকলৰ প্ৰতি চূড়ান্ত অবিচাৰ বুলি বৰ্ণনা কৰিছে। তেওঁ লগতে বিষয়টোৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে। ১১ জুনৰ নিশা মেক্সিকো চহৰত আয়োজক দেশৰ বিৰুদ্ধে উদ্বোধনী খেলত দক্ষিণ আফ্ৰিকাই অংশ ল’বলগীয়া আছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *