টিভিএছ ভেন্যুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত দুচকীয়া বাহনৰ বিক্ৰীত ২৭% বৃদ্ধিৰ কথা সদৰি কৰিছে। এই পৰিসংখ্যাই কোম্পানীটোৰ বিক্ৰী পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ একে ত্ৰৈমাসিকৰ ১.৫ নিযুত খন বাহনৰ পৰা বৃদ্ধি পাই ১.৮ নিযুতখন বাহন হৈছেগৈ। কোম্পানীটোৱে মুঠ ত্ৰৈমাসিক বিক্ৰী ১.৯ নিযুতলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তিনিচকীয়া বাহনৰ বিক্ৰী ৪৭% বৃদ্ধি পাই ৫৩,৪৪৯ ইউনিটৰ পৰা ৭৮,৪৭৫ ইউনিট হৈছে, আনহাতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় ৩৫% বৃদ্ধি পাই প্ৰায় ৪০০,০০০খন বাহনৰ পৰা ৫৩৯,০০০ খন হৈছে। বৈদুতিক দুচকীয়া বাহনৰ বিক্ৰী প্ৰধান বিকাশৰ চালিকাশক্তি হিচাপে প্ৰমাণিত হৈছে, যি এই ত্ৰৈমাসিকত ১৩৩% বৃদ্ধি পাই ১৮৬,০০০ ইউনিট স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। টিভিএছ মটৰে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত মুঠ বিক্ৰীৰ পৰিমাণ ২৪% বৃদ্ধিৰ কথা সদৰি কৰিছে, প্ৰতিষ্ঠানটোৰ বাহন বিক্ৰী ২০২৫ চনৰ ছেপ্টেম্বৰৰ ৫৪১,০৬৪ ইউনিটৰ পৰা বৃদ্ধি পাই ৬৭২,৭৯০ ইউনিট হৈছেগৈ। দুচকীয়া বাহনৰ বিক্ৰী ২৩% বৃদ্ধি পাই ৬৪৫,৯৫৫ ইউনিট হৈছে, য’ত ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰী ১৭% বৃদ্ধিৰে ৪৮২,০৭৩খন হৈছিল। বৈদুতিক দুচকীয়া বাহনৰ বিক্ৰী ১১০% বৃদ্ধি পাই ৩১,২৬৬ ইউনিটৰ পৰা ৬৫,৭৯৯ ইউনিট হৈছে। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ৪৮% বৃদ্ধিৰে বিক্ৰী হোৱা বাহনৰ সংখ্যা ১৮০,৭০০ হৈছে, সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় দুচকীয়া বাহনৰ বিক্ৰীও ৪৮% বৃদ্ধি পাই ১৬৩,৮৮২খন হৈছে। তিনিচকীয়া বাহনৰ বিক্ৰী ২০২৫ চনৰ ছেপ্টেম্বৰৰ ১৭,১৪১ ইউনিটৰ পৰা ৫৭% বৃদ্ধি পাই ২৬,৮৩৫ ইউনিট হৈছেগৈ। টিভিএছ মটৰে বৰ্তমান পৃথিৱীৰ ৯০খন দেশত ব্যৱসায় পৰিচালনা কৰি আছে আৰু ভাৰত তথা ইণ্ডোনেছিয়াত নিজৰ উৎপাদন কাৰখানা আছে। Share this:FacebookX Related Post navigation ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি