পবিত্ৰ ধৰ্মস্থানৰ পবিত্ৰতা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাক বৃদ্ধাংগুষ্ঠ দেখুৱাই এজন সুৰাসক্ত ব্যক্তিয়ে চলোৱা উদ্ভট কাণ্ডই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত শ্ৰী গোবিন্দৰাজ স্বামী মন্দিৰত এজন সুৰাপায়ী ব্যক্তিয়ে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি মন্দিৰৰ দেৱাল বগাই চূড়াত উঠাৰ ঘটনাই প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। তেলেংগানাৰ নিজামবাদ জিলাৰ কুত্তাড়ী তিৰুপতি নামৰ ৪৫ বছৰীয়া ব্যক্তিজনে মদ্যপান কৰি মন্দিৰৰ গোপুৰমৰ ওপৰলৈ উঠি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, ব্যক্তিজনে মন্দিৰৰ ওখ দেৱাল বগাই পবিত্ৰ কলচীটোৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰি থকা অৱস্থাত সতৰ্কতা শাখাই তেওঁক প্ৰত্যক্ষ কৰে। যেতিয়া নিৰাপত্তাৰক্ষীয়ে তেওঁক তললৈ নামি আহিবলৈ অনুৰোধ কৰে, তেতিয়া তেওঁ এক অদ্ভুত চৰ্ত আৰোপ কৰে। ব্যক্তিজনে দাবী কৰে যে তেওঁক যদি এটা ‘কোৱাৰ্টাৰ বটল’ মদ দিয়া নহয়, তেন্তে তেওঁ কোনো কাৰণতে তললৈ নামি নাহিব। উল্লেখযোগ্য যে, মন্দিৰৰ দৰে পবিত্ৰ স্থানত এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত ভক্তসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইফালে, বহু সময় ধৰি চলা নাটকীয় পৰিস্থিতিৰ অন্তত নিৰাপত্তাৰক্ষীয়ে কৌশলেৰে তেওঁৰ দাবী মানি লোৱাৰ ভাও ধৰি তললৈ নমাই আনে। ব্যক্তিজনক লগে লগে তিৰুপতি পূব আৰক্ষী থানালৈ লৈ যোৱা হয়। আৰক্ষী অধীক্ষক এম ভক্তবৎসলম নাইডুৱে জনোৱা মতে, ধৃত ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। পবিত্ৰ ধৰ্মীয়স্থলত সুৰাপায়ীৰ এনে প্ৰৱেশ আৰু তাণ্ডৱে এতিয়া মন্দিৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *