সাহিত্য, শিক্ষা আৰু জনস্বাস্থ্য সচেতনতাক সমভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে ‘ডাউন টাউন হাস্পতালে’ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন সংবাদমেলৰ। সংবাদমেলত ‘Emails from My Grandpa – Part 2’ গ্ৰন্থখনৰ উন্মোচন কৰা হয়। অনুষ্ঠানত সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আৰু সামাজিক বিষয়ৰ ওপৰত আধাৰিত চাৰিখন জনস্বাৰ্থমূলক পুস্তিকা মুকলি কৰাৰ লগতে Cardiopulmonary Resuscitation (CPR) সম্পৰ্কীয় এক সজাগতামূলক অভিযানৰো শুভাৰম্ভ কৰা হয়।
গ্ৰন্থখনৰ লেখিকা দ্য ডাউন টাউন স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা ডাউন টাউন হাস্পতালৰ পৰামৰ্শদাতা ডায়েবেট’লজিষ্ট ড° ৰূপম দাস আৰু down town Groupৰ সঞ্চালিকা শ্ৰীমতী গৰিয়সী দত্তৰ কন্যা ছানভি দত্ত দাস। গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে । অনুষ্ঠানত ডাউন টাউন গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° এন. এন. দত্ত, ডাউন টাউন স্কুলৰ অধ্যক্ষা শ্ৰীমতী মায়া আলফ্ৰেড ফাৰ্নাণ্ডেছ, লেখিকা ছানভি দত্ত দাস, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু বিশিষ্ট অতিথিসকল উপস্থিত থাকে।
Emails from My Grandpa – Part 2 হৈছে ড° এন. এন. দত্ত আৰু তেওঁৰ নাতিনী ছানভি দত্ত দাসৰ মাজত বিনিময় হোৱা ই-মেইলসমূহৰ এক হৃদয়স্পৰ্শী সংকলন। ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰম্ভ হোৱা এই ই-মেইল আদান-প্ৰদানে পিছলৈ এক সাহিত্যিক যাত্ৰাৰ ৰূপ লয়। শৈশৱৰ স্মৃতি, জীৱনবোধ, ইতিহাস, বিজ্ঞান, নৈতিক মূল্যবোধ আৰু অনুপ্ৰেৰণাদায়ক কাহিনীৰে সমৃদ্ধ এই গ্ৰন্থই সকলো বয়সৰ পাঠকক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়। পূৰ্বে প্ৰকাশিত Emails from My Grandpa পাঠকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এই দ্বিতীয় খণ্ড প্ৰকাশ কৰা হৈছে। দুয়োখন গ্ৰন্থ এতিয়া Amazon আৰু Flipkart-ৰ জৰিয়তে ক্ৰয়ৰ বাবে উপলব্ধ। ইয়াৰ উপৰিও ছানভিয়ে Danger আৰু A Bright Light শীৰ্ষক আন দুখন গ্ৰন্থও প্ৰকাশ কৰিছে।দুয়োখন গ্ৰন্থ Bri Books-ৰ দ্বাৰা প্ৰকাশিত হৈছে আৰু প্ৰকাশন সংস্থাটোৰ ৱেবছাইটত উপলব্ধ।
অনুষ্ঠানত ভাষণ দি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাই কম বয়সতে ছানভিয়ে সাহিত্য জগতত লাভ কৰা সাফল্যৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, এনে গ্ৰন্থই পৰিয়ালৰ মূল্যবোধ সংৰক্ষণ কৰাৰ লগতে নতুন প্ৰজন্মক পাঠাভ্যাস আৰু জ্ঞান আহৰণৰ দিশত অনুপ্ৰাণিত কৰিব। ড° এন. এন. দত্তই কয়, এই গ্ৰন্থ কেৱল ই-মেইলৰ সংকলন নহয়, বৰঞ্চ প্ৰজন্মৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু মূল্যবোধৰ এক সুন্দৰ সেতুবন্ধন।
অনুষ্ঠানৰ অংশ হিচাপে down town hospital-এ জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু সামাজিক সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰস্তুত কৰা চাৰিখন জনস্বাৰ্থমূলক পুস্তিকাও উন্মোচন কৰে—
“বিকাশজনিত বিলম্বৰ প্ৰাৰম্ভিক চিনাক্তকৰণ” — উদ্যোগত: ডাঃ প্ৰাঞ্জল গগৈ (পি.টি.), জ্যেষ্ঠ ফিজিঅ’থেৰাপিষ্ট আৰু শ্ৰীমতী সচিস্মিতা সময়ৰীতা, অকুপেচনেল থেৰাপিষ্ট, ফিজিঅ’থেৰাপি আৰু পুনৰ্বাসন সেৱা বিভাগ, down town hospital।
“মদ্যপানৰ ক্ষতিকাৰক প্ৰভাৱ” — উদ্যোগত: শ্ৰীমতী মেৰী এন্থনী আংগামী, নাৰ্চিং ছুপাৰিণ্টেণ্ডেণ্ট, down town hospital।
“আসক্তিৰ সলনি জীৱন বাছি লওক” — উদ্যোগত: ডাঃ প্ৰবীৰ ঠাকুৰীয়া, পৰামৰ্শদাতা মনোৰোগ বিশেষজ্ঞ আৰু ডি-এডিকশ্যন বিশেষজ্ঞ।
“আন্দোলন” — ডাঃ এন. এন. দত্ত।
এই পুস্তিকাসমূহৰ লক্ষ্য হৈছে বিকাশজনিত সমস্যা, মদ্যপান আৰু মাদকাসক্তিৰ কু-প্ৰভাৱ, পুনৰ্বাসন আৰু সামাজিক সুস্থতা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা।
অনুষ্ঠানত CPR সম্পৰ্কীয় এক শিক্ষামূলক ভিডিঅ’ উন্মোচন কৰাৰ লগতে অধিক সংখ্যক লোকৰ ওচৰলৈ জীৱন ৰক্ষাকাৰী এই বাৰ্তা পঠোৱাৰ উদ্দেশ্যে ডিজিটেল সংবাদ মাধ্যমসমূহক USB ড্ৰাইভ বিতৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *