অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উচ্চ অসমৰ শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিস্থিতি বুজিবলৈ নাজিৰা, মাহমৰা আৰু সোণাৰি বিধানসভা সমষ্টিৰ বানপ্ৰপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপ্ৰপীড়িত অঞ্চললৈ তেওঁৰ এয়া দ্বিতীয় বাৰ ভ্ৰমণ। ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ সান্তক, নেপালিখুঁটি আৰু সুন্দৰপুখুৰী, মাহমৰাৰ চমনি গাঁও আৰু সোণাৰি সমষ্টিৰ সোণাৰি চহৰৰ ৮ নং ৱাৰ্ডৰ বানপ্ৰপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক দিয়া বান সাহায্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ বিহুবাৰ অন্তৰ্গত বানত বিধ্বস্ত নেপালিখুঁটি অঞ্চল পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাসকলৰ সৈতে কথা পাতে আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰে। তাৰ পিছত তেওঁ সুন্দৰপুখুৰীৰ শুলাল কলিতা গাঁও ভ্ৰমণ কৰি বাসিন্দাসকলৰ সৈতে আলোচনা কৰে আৰু চলি থকা সাহায্য কাৰ্যৰ পৰ্যালোচনা কৰে। জনসাধাৰণৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৯ আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ বানপানীৰ ফলত হোৱা স্থায়ী ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰিব। তাৰ পিছতে ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। শৰ্মাই বানপ্ৰপীড়িত লোকসকলক আশ্বাস দিয়ে যে বানপ্ৰপীড়িত অঞ্চলসমূহত স্বাস্থ্য শিবিৰ আয়োজন কৰা হ’ব আৰু কৃষকসকলে কৃষি কৰ্ম পুনৰ আৰম্ভ কৰাত চৰকাৰে সহায় আগবঢ়াব। Share this:FacebookX Related Post navigation ‘Emails from My Grandpa – Part 2’ গ্ৰন্থৰ শুভ উন্মোচন। উন্মোচন কৰে পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে । ডাউন টাউন হাস্পতালৰ উদ্যোগত উন্মোচিত কৰা হয় গ্ৰন্থখনৰ, লগতে উন্মোচন চাৰিখন জনস্বাৰ্থমূলক পুস্তিকা কোকৰাঝাৰ প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ; ২৮ জুলাইৰ ৰাইমনা গুলীচালনাত নিহত যুৱকৰ মৃত্যুৰ ঘটনা