নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া এই প্ৰতিবাদৰ জোকাৰণি উঠিছে ৰাজনীতিৰ ক্ষেত্ৰখনতো। এনে সময়তে শিক্ষাৰ্থীৰ আন্দোলনলৈ প্ৰকাশ্যে সমৰ্থন জনাই মোদী চৰকাৰৰ বিৰুদ্ধে শাণিত বান নিক্ষেপ কৰে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে।

‘দ্য হিন্দু’ত প্ৰকাশিত এক নিবন্ধত ছোনিয়া গান্ধীয়ে কয়, “শিক্ষাৰ্থীয়ে জবাবদিহিতা আৰু শিক্ষা সংস্কাৰ বিচাৰিছে। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ সাহসৰ উত্তৰত কাপুৰুষোচিত আৰু নিষ্ঠুৰ আচৰণহে কৰিছে। দেশৰ ভৱিষ্যৎ হিচাপে নহয়, শত্ৰুৰ দৰে ব্যৱহাৰ কৰা হৈছে শিক্ষাৰ্থীসকলৰ সৈতে।”

ছোনিয়া গান্ধীয়ে পুনৰ লিখিছে, “শিক্ষাৰ্থীৰ প্ৰতিবাদ আজিৰ শিক্ষা ব্যৱস্থাৰ হতাশাজনক বাস্তৱতা আৰু মোদী চৰকাৰৰ অহংকাৰী মনোভাৱৰ স্বাভাৱিক পৰিণতি। চৰকাৰে জবাবদিহিতা এৰাই চলিছে আৰু গঠনমূলক আলোচনাৰ পৰিৱৰ্তে দমন নীতি গ্ৰহণ কৰিছে।”

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে ২০ জুলাইত দিল্লীত অনুষ্ঠিত ‘সংসদ চলো’ কাৰ্যসূচীৰ সময়ত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ, কন্দুৱা গেছ আৰু পেলেট ব্যৱহাৰ কৰা হৈছিল। এই ঘটনাক “কলংকময় দিন” বুলি অভিহিত কৰি ছোনিয়া গান্ধীয়ে কয়, “সেইদিনাৰ ভিডিঅ’সমূহে সমগ্ৰ দেশৰ বিবেক জোকাৰি গৈছে। চৰকাৰ আৰু চৰকাৰৰ নিয়ন্ত্ৰণাধীন সংবাদমাধ্যমে ঘটনাটোক আন দিশলৈ নিবলৈ চেষ্টা কৰিছে। কিন্তু স্পষ্টকৈ ক’ব লাগিব- এইসকল আমাৰ সন্তান, আমাৰ যুৱ প্ৰজন্ম।”

ছোনিয়া গান্ধীয়ে লগতে কয়, “কৃষকৰ পৰা আৰম্ভ কৰি সমাজকৰ্মীলৈকে, চৰকাৰে প্ৰতিবাৰৰ দৰে এইবাৰো বাৰ্তালাপৰ পৰিৱৰ্তে বল প্ৰয়োগৰ পথ বাছি লৈছে। ভৱিষ্যতৰ চিকিৎসক, অভিযন্তা, শিক্ষক, প্ৰশাসনিক বিষয়া আৰু ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰ প্ৰয়োগ কৰা হৈছে। এই আচৰণ ক্ষমাৰ অযোগ্য।”

শিক্ষা ব্যৱস্থাৰ সংকটৰ বাবে তিনিটা মূল কাৰণ উল্লেখ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডত ব্যয় ধাৰাবাহিকভাৱে হ্ৰাস কৰিছে, পৰীক্ষা ব্যৱস্থাক কেন্দ্ৰীকৰণ আৰু ব্যক্তিগতকৰণৰ জৰিয়তে দুৰ্বল কৰিছে আৰু শিক্ষাৰ পিছত মানসম্পন্ন নিয়োগৰ সুযোগো সংকুচিত কৰি তুলিছে।

ছোনিয়া গান্ধীয়ে অভিযোগ কৰে, “যোৱা ১২ বছৰত দেশত ১৫২ খন প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছে। কেৱল ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা গঠনৰ পিছৰে পৰা ৯টা ফাদিলৰ ঘটনা সংঘটিত হৈছে।”

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক লক্ষ্য কৰি ছোনিয়া গান্ধীয়ে কয়, “ইমান ডাঙৰ ব্যৰ্থতাৰ পিছতো পদত্যাগ নকৰাটো জনমতক অধিক ক্ষুব্ধ কৰি তুলিছে। সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শকো চৰকাৰে গুৰুত্ব নিদিলে।”

নিবন্ধৰ শেষত ছোনিয়া গান্ধীয়ে মন্তব্য কৰে, “শিক্ষাৰ্থীৰ কাষত থিয় দিয়াটো নৈতিক, ৰাজনৈতিক আৰু সাংবিধানিক দায়িত্ব। তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰাটো সমগ্ৰ দেশৰ দায়িত্ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *