হিংসাজৰ্জৰ মণিপুৰত চেগা-চোৰোকাকৈ সংঘটিত হৈ অহা কূটাঘাত আৰু ধন দাবীৰ ঘটনাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল তিনি সক্ৰিয় উগ্ৰপন্থী কেডাৰ। বুধবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ সংগঠনৰ সৈতে জড়িত এই কেডাৰকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পৃথক এক মাদকবিৰোধী অভিযানত হেৰ’ইনসহ এজন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে মণিপুৰ আৰক্ষীয়ে।

বিষ্ণুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তেৰা উৰাক পৰীক্ষা চকীৰ পৰা প্ৰথমে গ্ৰেপ্তাৰ কৰা হয় নিষিদ্ধ কেঅ’ৱাইকেএল সংগঠনৰ সক্ৰিয় কেডাৰ মায়াংলামবাম টোম্বা সিং ওৰফে লাকপাক। চুৰাচান্দপুৰ জিলাৰ বিজাং খুনৌৰ বাসিন্দা ৩৯ বছৰীয়া অভিযুক্তজন বৰ্তমান ফুবালা সাহায্য শিবিৰত আছিল।

অভিযুক্তজনৰ পৰা আৰক্ষীয়ে এটা ৯ মিলিমিটাৰ পিষ্টল, এটা মেগাজিন আৰু বিভিন্ন কেলিবাৰৰ ১১ জাঁই সজীৱ গুলী জব্দ কৰে। মৈৰাংৰ এটা পেট্ৰ’ল পাম্পত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ সৈতেও তেওঁৰ জড়িত থকাৰ তথ্য পোহৰলৈ অহা বুলি সদৰী কৰে আৰক্ষীয়ে।

আন এক অভিযানত মলনম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নিষিদ্ধ ইউকেএনএ সংগঠনৰ সক্ৰিয় কেডাৰ এছ পালাল কুকি ওৰফে লালবৈ সিংছনক। আৰক্ষীৰ তথ্য অনুসৰি সংগঠনটোৰ বিত্তীয় শাখাৰ দায়িত্বত আছিল অভিযুক্তজন। ধন দাবী আৰু একাধিক গুলীচালনাৰ ঘটনাৰ সৈতেও তেওঁৰ জড়িত থকাৰ অভিযোগ আছে।

ইফালে, ইম্ফল পূব জিলাৰ ৱাংখেই আয়াংপালি পথৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিষিদ্ধ কেচিপি সংগঠনৰ সক্ৰিয় কেডাৰ গুৰুমায়ুম খুগামণি শৰ্মা ওৰফে নানাও ওৰফে বামনক। ৩৭ বছৰীয়া অভিযুক্তজন ধন দাবীৰ বিভিন্ন কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, থৌবাল জিলাৰ লিলং বজাৰ অঞ্চলত চলোৱা পৃথক এক মাদকবিৰোধী অভিযানত লেইলা নামৰ ৩০ বছৰীয়া এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ দখলৰ পৰা ১০টা চাবোনৰ বাকচত ভৰাই ৰখা মুঠ ৩৮৯ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰা হয়।

গ্ৰেপ্তাৰ কৰা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে সংশ্লিষ্ট আইনৰ অধীনত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *