জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰাক্তন ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটী (AICC)ৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক ভূপেশ বাঘেলে আজি পুৱা গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত প্ৰয়াত জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ এদিন পিছতে বাঘেলে জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি গৌৰৱ গগৈৰ লগতে দলৰ কেইবাগৰাকী বিধায়কে বাঘেলক জুবিন ক্ষেত্ৰলৈ সংগ দিয়ে। জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নেতাসকল নগাঁৱৰ অভিমুখে ৰাওনা হয়। ভূপেশ বাঘেলে আজি নগাঁৱৰ সামগুৰিত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল জনসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অসমৰ দায়িত্বত থকা AICCৰ সাধাৰণ সম্পাদকগৰাকীক আদৰণি জনাবলৈ সামগুৰিৰ পৰা সভাস্থলীলৈ এক সমদল উলিওৱা হ’ব। এই জনসভাত গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, উপ-নিৰ্বাচনৰ প্ৰাৰ্থী শিৱামণি বৰা আৰু দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব। Share this:FacebookX Related Post navigation সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে ‘পথৰংগী’য়ে