সংগীতপ্ৰেমী আৰু শিল্পীসকলৰ এক অনানুষ্ঠানিক মঞ্চ ‘পথৰংগী’য়ে আজি সংগীতৰ ১০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন দিনত পথৰ কাষত সংগীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পীসকলৰ প্ৰতি সংগীতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে পথৰংগীয়ে।

২০১৭ চনৰ ২০ ছেপ্টেম্বৰত প্ৰয়াত কিংবদন্তি অসমীয়া সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ ৭৩সংখ্যক জন্মজয়ন্তী উপলক্ষে পথৰংগীয়ে যাত্ৰা আৰম্ভ কৰিছিল। জয়ন্ত হাজৰিকাৰ ‘সুৰ বাহিনী’ৰ ধাৰণাৰ পৰা অনুপ্ৰেৰণা লৈ আৰম্ভ হোৱা এই যাত্ৰাই বিগত এটা দশকত সংগীতক প্ৰচলিত মঞ্চৰ বাহিৰলৈ উলিয়াই আনি ৰাজহুৱা স্থান আৰু সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

এই ১০ বছৰীয়া যাত্ৰাৰ অংশ হিচাপে ১৯ ছেপ্টেম্বৰত গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত ‘জুবিন দিৱস’ উপলক্ষে এক বিশেষ ষ্ট্ৰীট জামৰ আয়োজন কৰা হয়। প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ উৎসৰ্গিত এই অনুষ্ঠানত তেওঁৰ পুৰণি সতীৰ্থ তথা সহযোগী পাপু গগৈ, প্ৰণৱজ্যোতি ৰাজখোৱা, ডনী হাজৰিকা, দাদুল শইকীয়া আৰু শ্বাবিন কুমাৰ দাস (ৰাবু) উপস্থিত থাকে।

অনুষ্ঠানত ৯ বছৰীয়া শিশুৰ পৰা ৫০ ঊৰ্ধ্বৰ শিল্পীলৈকে ৩০ৰো অধিক সদস্য আৰু অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকেও গীত আৰু বাদ্যযন্ত্ৰ পৰিৱেশনৰ জৰিয়তে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন প্ৰজন্মৰ শিল্পী আৰু সংগীতপ্ৰেমীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে অনুষ্ঠানটোক এক আন্তঃপ্ৰজন্মীয় সংগীতৰ মিলনস্থলীত পৰিণত কৰে।

ইফালে, আজি ২০ ছেপ্টেম্বৰত উজানবজাৰৰ ODCৰ সমীপত পুনৰ পথলৈ উভতি আহে পথৰংগী। সংগঠনটোৰ ১০ বছৰীয়া যাত্ৰা উদযাপনৰ লগতে প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৮৩সংখ্যক জন্মজয়ন্তী উপলক্ষে তেওঁৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি এক বিশেষ জাম ছেচনৰ আয়োজন কৰা হয়।

বিগত এটা দশকত পথৰংগীয়ে সংগীতক কেৱল মঞ্চৰ মাজতে সীমাবদ্ধ নাৰাখি পথ আৰু ৰাজহুৱা স্থানলৈ লৈ গৈছে। গায়ক, বাদ্যযন্ত্ৰী, সংগীতপ্ৰেমী আৰু বিভিন্ন প্ৰজন্মৰ শিল্পীক একত্ৰিত কৰি সংগীতৰ জৰিয়তে স্মৃতি, সৃষ্টিশীলতা আৰু সামাজিক সংযোগৰ এক মুকলি মঞ্চ হিচাপে পথৰংগীয়ে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *