শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজধানী দিল্লীৰ লগতে দেশজুৰি অব্যাহত আছে যুৱ সমাজৰ প্ৰতিবাদ। এনে সময়তে শুকুৰবাৰে দিনৰ ভাগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হয় ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিনিধি দল। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকৰ পিছতে চৰকাৰৰ সৈতে হোৱা আলোচনাৰ বিষয়ে সদৰি কৰে চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই। আশুতোষ ৰাংকাই কয়, “ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ বিষয়ে সিদ্ধান্ত ল’বলৈ চৰকাৰে কাইলৈ দুপৰীয়ালৈ সময় বিচাৰিছে। চৰকাৰে শীঘ্ৰেই শিক্ষামন্ত্ৰীক অপসাৰণ কৰিব বুলি আমি আশা কৰিছোঁ। আত্মহত্যা কৰা নিট পৰীক্ষাৰ্থীৰ পৰিয়ালক ক্ষতিপূৰণ আৰু শিক্ষাৰ্থীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ দাবীৰ ক্ষেত্ৰত চৰকাৰে নীতিগতভাৱে সন্মতি জনাইছে।” চিজেপিয়ে স্পষ্ট কৰি দিয়ে যে সংগঠনটোৰ মুখ্য দাবী এতিয়াও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগেই। চিজেপিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই চৰকাৰৰ সৈতে হোৱা এই বৈঠকত অংশগ্ৰহণ কৰে। শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰা আৰু পৰীক্ষা কেলেংকাৰীৰ ফলত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত চৰকাৰে ইতিবাচক সঁহাৰি দিয়াৰ পিছতে আলোচনাত বহিবলৈ সন্মতি প্ৰকাশ কৰিছিল সংগঠনটোৱে। ইয়াৰ পূৰ্বে নিট পৰীক্ষাক কেন্দ্ৰ কৰি চলি থকা আন্দোলনৰ মাজতে ২৬ দিনীয়া অনশন সামৰে বিশিষ্ট পৰিৱেশকৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে। প্ৰতিযোগিতামূলক পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নিটকেন্দ্ৰিক বিষয়সমূহত লিখিত আশ্বাস দিয়াৰ পিছত মেদান্তা হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভংগ কৰিছিল ৱাংচুকে। সোণম ৱাংচুকে জানিবলৈ দিয়ে যে মৌখিক আশ্বাস গ্ৰহণ নকৰি লিখিত নথি বিচৰাৰ ফলতেই অনশন ভংগ দুদিন পলম হৈছিল। ইফালে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তাত ঘোষণা কৰে যে প্ৰশ্নকাকত ফাদিলৰ দৰে অপৰাধৰ বিচাৰৰ বাবে দ্ৰুত বিচাৰ আদালত গঠন আৰু দোষীক কঠোৰ শাস্তিৰ ব্যৱস্থা থকা খচৰা বিধেয়ক শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত উত্থাপন কৰা হ’ব। লগতে তেওঁ কয়, “দ্ৰুত বিচাৰ আদালত স্থাপনৰ বাবে সংশ্লিষ্ট বিভাগসমূহক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।” Share this:FacebookX Related Post navigation দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ