ডিজিটেল অৰ্থনীতিৰ সৈতে জড়িত হাজাৰ হাজাৰ গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী এইবাৰ নাকচ কৰিলে অসম বিধানসভাই। শুকুৰবাৰে কংগ্ৰেছ বিধায়ক জুবেইৰ আনম মজুমদাৰে উত্থাপন কৰা এই প্ৰস্তাৱৰ বিৰোধিতা কৰি চৰকাৰে কয় যে গিগ কৰ্মীৰ কল্যাণমূলক আঁচনি প্ৰণয়নৰ দায়িত্ব মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ।

প্ৰস্তাৱ উত্থাপন কৰি জুবেইৰ আনম মজুমদাৰে কয়, ”এপ-ভিত্তিক পৰিবহণ, খাদ্য যোগান, ই-কমাৰ্চ, লজিষ্টিকছ আদি ক্ষেত্ৰত নিয়োজিত গিগ কৰ্মীসকলে ডিজিটেল অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও নিৰ্দিষ্ট দৰমহা, প্ৰভিডেণ্ট ফাণ্ড, সবেতন ছুটী বা কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।’’

লগতে কংগ্ৰেছ বিধায়কগৰাকীয়ে উল্লেখ কৰে যে দেশৰ কেইবাখনো ৰাজ্যই ইতিমধ্যে গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ বাবে কল্যাণ পৰিষদ গঠন কৰিছে। অসমতো তেনে এখন কল্যাণ পৰিষদ গঠন কৰি এই শ্ৰেণীৰ কৰ্মীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায় বিধায়কগৰাকীয়ে।

আলোচনাৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ সামাজিক সুৰক্ষা আৰু কল্যাণমূলক আঁচনি প্ৰস্তুত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অধিক্ষেত্ৰৰ বিষয়। বৰ্তমান প্ৰচলিত আইনী ব্যৱস্থাৰ অধীনতে এই বিষয়সমূহ বিবেচনা কৰি থকা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

মন্ত্ৰীগৰাকীৰ উত্তৰৰ পিছতে বিধানসভাত ভোটপৰ্ব অনুষ্ঠিত হয়। সংখ্যাগৰিষ্ঠ সদস্যই প্ৰস্তাৱৰ বিৰোধিতা কৰাত কংগ্ৰেছ বিধায়ক জুবেইৰ আনম মজুমদাৰে উত্থাপন কৰা গিগ কৰ্মীৰ সামাজিক সুৰক্ষা বিষয়ক প্ৰস্তাৱ খাৰিজ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *