নগা জনগোষ্ঠীৰ মৌখিক পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দি নিৰ্মিত এখন তথ্যচিত্ৰ শ্বিলঙৰ লাইটখোৰস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত প্ৰদৰ্শন কৰা হয়। সহমৰ্মিতা বৃদ্ধি আৰু সামাজিক সংহতি শক্তিশালী কৰাৰ উদ্দেশ্যে এই প্ৰদৰ্শনী আয়োজন কৰা হৈছিল।

পৰাশৰ বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু বিভা লাখেৰাৰ ধাৰণাত নিৰ্মিত “Weaves of Empathy: A Journey into Naga Oral History” শীৰ্ষক এই তথ্যচিত্ৰখনত নগা জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিক আৰু যুৱ প্ৰজন্মৰ জীৱনৰ অভিজ্ঞতাৰ মাজেৰে তেওঁলোকৰ জীৱন-যাত্ৰা দাঙি ধৰা হৈছে। ই মৌখিক ইতিহাস সংৰক্ষণৰ গুৰুত্ব আৰু পাৰস্পৰিক বুজা-বুজিৰ ওপৰতো আলোকপাত কৰিছে।

তথ্যচিত্ৰখনে নগা জনগোষ্ঠীৰ সমৃদ্ধ মৌখিক পৰম্পৰা, সহনশীলতা আৰু সাংস্কৃতিক ঐতিহ্যক সুন্দৰভাৱে উপস্থাপন কৰিছে। ই সহমৰ্মিতা, পুনৰ্মিলন আৰু আদিবাসী ঐতিহ্য সংৰক্ষণৰ বাবে অনুপ্ৰেৰণা যোগায়।

এই অনুষ্ঠানত পূৰ্বাঞ্চল বিমান কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিফ এয়াৰ মাৰ্শ্বল ইন্দৰপাল সিং ৱালিয়া মুখ্য অতিথি হিচাপে উপস্থিত আছিল। তেওঁৰ লগতে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা, ১০১ এৰিয়াৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল মোহিত ৱাধৱা, ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ জ্যেষ্ঠ বিষয়াসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধি, পৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু শ্বিলঙৰ বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

সন্ধিয়াৰ এক বিশেষ আকৰ্ষণ আছিল অসম ৰাইফলছ পাব্লিক স্কুলৰ গায়কদলৰ দ্বাৰা “Walk With Me” গীতৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন। Project Empathy ৰ Naga Oral History Project: Stories of Empathy ৰ পৰা উদ্ভৱ হোৱা এই গীতটোৱে কৰুণা, সহনশীলতা আৰু একতাৰ বাৰ্তা বহন কৰে।

এই প্ৰদৰ্শনীয়ে মৌখিক ইতিহাস সংৰক্ষণ, পাৰস্পৰিক বুজা-বুজি বৃদ্ধি আৰু উত্তৰ-পূৰ্বৰ সাংস্কৃতিক বৈচিত্ৰ্য উদযাপনৰ গুৰুত্বক পুনৰ দৃঢ় কৰে। অসম ৰাইফলছে অৰ্থপূৰ্ণ সমাজ-সংযোগৰ জৰিয়তে সংলাপ, সাংস্কৃতিক সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় সংহতিৰ প্ৰচাৰৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *