মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এভাৰেষ্ট জয় কৰা অসমৰ প্ৰথম মহিলা ৰূপমণি গোৰহক সম্বৰ্ধনা জনায়।
লগতে ভাৰত-তিব্বত সীমা আৰক্ষীৰ সহকাৰী কমাণ্ডেণ্ট তথা সফল আই টি বি পি সৰ্ব-মহিলা এভাৰেষ্ট অভিযানৰ নেতৃত্ব দিয়া ভানিতা টিমুংপিকও সম্বৰ্ধনা জনায়।

তেওঁলোকৰ অসাধাৰণ সাফল্যৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰূপমণি গোৰহক ১০ লাখ টকা আৰু ভানিতা টিমুংপিক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ না-গাঁও পথাৰ গাঁৱৰ ৰূপমণি গোৰহই তেওঁৰ সাহস, অনুশাসন আৰু অধ্যৱসায়েৰে অসমক গৌৰৱান্বিত কৰিছে। ২০২১ চনত আই টি বি পিত যোগদান কৰাৰ পাছত তেওঁ ২১ মে’ত আই টি বি পিৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযানৰ সদস্য হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি দৃঢ়তা আৰু মহিলা সবলীকৰণৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ স্থাপন কৰিছে।

এই বিশেষ অভিযান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নৰী শক্তি বন্দন আঁচনিৰ অধীনত আয়োজন কৰা হৈছিল। ১৪ জনীয়া দলটোৰ ভিতৰত ১১ গৰাকী মহিলা আৰোহী আছিল আৰু ইয়াৰ নেতৃত্ব দিছিল অসমৰে ভাৰত-তিব্বত সীমা আৰক্ষীৰ সহকাৰী কমাণ্ডেণ্ট ভানিতা টিমুংপিয়ে। ভানিতাই ৩০ তকৈও অধিক হিমালয়ৰ শৃংগ আৰোহণ কৰিছে। তেওঁ ৰাষ্ট্ৰপতিৰ দ্বাৰাও সন্মানিত হৈছে আৰু আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা মিছনতো সেৱা আগবঢ়াইছে।

ৰূপমণি গোৰহৰ এই ঐতিহাসিক সাফল্যক স্মৰণীয় কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে লখিমপুৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত তেওঁৰ ঘৰৰ পৰা লিলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱা ১ কিলোমিটাৰ পথটো নতুনকৈ নিৰ্মাণ কৰি ৰূপমণি গোৰহ পথ নামেৰে নামকৰণ কৰা হ’ব।

পৰ্বতাৰোহণৰ ইতিহাসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ১৯৫৩ চনৰ ২৯ মে’ত এডমণ্ড হিলাৰী আৰু টেনজিং নৰ্গেৰ প্ৰথম এভাৰেষ্ট বিজয় আৰু ১৯২৪ চনত জৰ্জ মেলৰীৰ আত্মত্যাগৰ কথাও স্মৰণ কৰে।

লগতে অসমৰ পৰ্বতাৰোহণৰ সমৃদ্ধ ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১৯৬৮ চনত ৰোহিনী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই প্ৰতিষ্ঠা কৰা অসম পৰ্বতাৰোহণ সংস্থাই ৰাজ্যত সংগঠিত পৰ্বতাৰোহণৰ পাতনি মেলিছিল।

পৰ্বতাৰোহণক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ প্ৰস্তাৱো আগবঢ়ায়। তেওঁ কয় যে অসম চৰকাৰে আই টি বি পি কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি, তেওঁলোকৰ সন্মতি সাপেক্ষে ৰূপমণি গোৰহক অসম আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে নিযুক্তি দিব যাতে তেওঁ ৰাজ্যৰ উচ্চাকাংক্ষী পৰ্বতাৰোহীসকলক অনুপ্ৰেৰণা, পথ-প্ৰদৰ্শন আৰু প্ৰশিক্ষণ দিব পাৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *