চেমচাঙে নিজৰ শেহতীয়া ফ্লেগশ্বিপ স্মাৰ্টফোন গেলেক্সি এছ২৪ ছিৰিজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, এই ছিৰিজে যুগান্তকাৰী হাইব্ৰিড এআই প্ৰযুক্তি প্ৰদান কৰি নতুন চমক সৃষ্টি কৰিছে, যিয়ে মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি প্ৰতিশ্ৰুতি দিছে। গেলেক্সি এআই সুবিধাৰ মুকলিৰে চেমচাঙে মোবাইল এআই যুগৰক নেতৃত্ব প্ৰদান কৰিছে, যিয়ে ব্যৱহাৰকাৰীসকলক অনুকূলন(কাষ্টমাইজ), প্ৰতিক্ৰিয়াশীলতা(ৰেছপন্স) আৰু গোপনীয়তা(প্ৰাইভেচী)ৰ অতুলনীয় স্তৰ প্ৰদান কৰিছে। চেমচাঙৰ উদ্ভাৱনী পদ্ধতিৰ প্ৰধান শিলাস্তম্ভ হৈছে নিজৰ হাইব্ৰিড এআই সংহতি, যিয়ে অন-ডিভাইচ প্ৰচেছিঙৰ সৈতে ক্লাউড-ভিত্তিক সামৰ্থ্যৰ নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ ঘটায়। এই কৌশলগত মিশ্ৰণে নিশ্চিত কৰে যে ব্যৱহাৰকাৰীসকলে নিজৰ গোপনীয়তাৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখি তৎক্ষণাত সঁহাৰি প্ৰদান কৰে। চেমচাং ইলেক্ট্ৰনিক্সৰ মোবাইল আৰএণ্ডডি অফিচৰ ইভিপি আৰু মুৰব্বী ৱন-জুন চয়ই সজোৰে উল্লেখ কৰে যে, এই হাইব্ৰিড মডেলে এআই প্ৰযুক্তিৰ নিৰ্ভৰযোগ্যতা আৰু ব্যৱহাৰিকতাক নতুন শিখৰ প্ৰদান কৰিছে। এই গেলেক্সি এছ ২৪ ছিৰিজৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে লাইভ ট্ৰেন্সলেট ফাংচন, যি সম্পূৰ্ণৰূপে অন-ডিভাইচ এআইৰ দ্বাৰা চালিত। এই সুবিধাই গ্ৰাহক বা ব্যৱহাৰকাৰীসকলক ভইচ কলৰ সময়ত নিজৰ গোপনীয়তা সুৰক্ষিত কৰাৰ সমান্তৰালভাৱে ভাষাৰ প্ৰতিবন্ধকতা বা প্ৰাচীৰ নোহোৱা কৰি নিৰৱচ্ছিন্নভাৱে যোগাযোগ কৰিবলৈ সক্ষম কৰি তোলে। চেমচাঙৰ বিশ্বব্যাপী আৰ এণ্ড ডি নেটৱৰ্কে গেলেক্সি এআইৰ সামৰ্থ্য বিকাশ আৰু সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যিয়ে লাইভ ট্ৰেন্সলেটক একাধিক ভাষাত থাৰ্ড পাৰ্টী(তৃতীয় পক্ষ) মেছেজিং এপলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত চুবুৰীয়া দেশৰ ৰাষ্ট্ৰ নেতাসকল পুনৰ ড্ৰাগছ বিৰোধী সফল অভিযান