অসমৰ লগতে দেশৰ আন কেবাটাও প্ৰান্তৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰা অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিন গাৰ্গৰ সপোনৰ ছবি এইখন।উপাৰ্জনৰ ক্ষেত্ৰত যেন অভিলেখ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে। মুক্তিৰ দুদিনত ছবিখনে উপাৰ্জন কৰিছে ৫.৪০ কোটি টকা। অসমীয়া ছবিৰ ক্ষেত্ৰত ই অভূতপূৰ্ব সফলতা।একালত অসমতে অসমীয়া ছবি এলাগীৰ দৰে হোৱাৰ পাছতো অসমীয়া ছবিত কোটি টকাৰ বিনিয়োগ কৰি ছবি এখনক দৰ্শকৰ মাজলৈ লৈ অহাৰ সাহস গোটালে কেবাজনো নিৰ্মাতাই। শেহতীয়া সময়ছোৱাত কোটিৰো অধিক উপাৰ্জন কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে জানো আহক- বিদুৰভাই- ১৭.৭৫ কোটিভাইমনদা- ১৪.৩১ কোটিশ্ৰীৰঘুপতি- ১৩.৮১ কোটিৰুদ্ৰ- ১০.৫৬ কোটিৰত্নাকৰ- ১০ কোটিকাঞ্চনজংঘা- ৭ কোটিডাক্তৰ বেজবৰুৱা২- ৭ কোটিমিছন চাইনা- ৬ কোটিৰৈ ৰৈ বিনালে- ৫.৪০ কোটি (২ দিনত)চিকাৰ- ৫ কোটি Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে লিটাৰেচাৰ লাইভ! দ্য মুম্বাই লিটফেষ্টৰ সৈতে অংশীদাৰিত্ব অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে