আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। তেওঁক আকাশ, পৰ্বতৰ দেৱতা আৰু জনগোষ্ঠীৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে।বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। Share this:FacebookX Related Post navigation উধামপুৰত ত্ৰিমুখী সংঘৰ্ষ: বাছ, কাৰ আৰু বাইকৰ দুৰ্ঘটনাত তিনিজন নিহত এক্সিছ মিউচুৱেল ফাণ্ডৰ শেহতীয়া এনএফঅ’ৰ জৰিয়তে ভাৰতৰ শীৰ্ষ খণ্ডৰ নেতাসকলৰ মাজত বিনিয়োগ কৰক