প্ৰধানমন্ত্ৰীৰ বাসগৃহত মঙলবাৰে নিশা অনুষ্ঠিত এক বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ( চি বি আই) ৰ নতুন সঞ্চালক বাছনি প্ৰক্ৰিয়াক লৈ মতানৈক্য প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে চিঠিখন শ্বেয়াৰ কৰি কয়- এই চৰকাৰে বাৰে বাৰে চিবিআইৰ অপব্যৱহাৰ কৰিছে। এই প্ৰতিষ্ঠানটো ভাৰতৰ সৰ্ববৃহৎ তদন্তকাৰী সংস্থা, কিন্তু ইয়াৰ ব্যৱহাৰ ৰাজনৈতিক বিৰোধী, সাংবাদিক, সমালোচকক লক্ষ্য কৰি লোৱা হৈছে।

এই কাৰণেই বিৰোধী দলৰ নেতাজনক বাছনি সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে যাতে প্ৰতিষ্ঠানটো দখল কৰিব নোৱাৰে। আক্ষেপজনক যে মোক প্ৰকৃত ভূমিকা নিদিলে। বাৰম্বাৰ লিখিত অনুৰোধ জনোৱাৰ পিছতো মোক যোগ্য প্ৰাৰ্থীৰ প্ৰতিবেদন প্ৰদান কৰা হোৱা নাছিল। বৰঞ্চ কমিটিৰ বৈঠকত প্ৰথমবাৰৰ বাবে ৬৯ জন প্ৰাৰ্থীৰ প্ৰতিবেদন পৰ্যালোচনা কৰিবলৈ কোৱা হৈছিল। মোক পোনপটীয়াকৈ ৩৬০ ডিগ্ৰীৰ প্ৰতিবেদন নাকচ কৰা হৈছিল।

প্ৰতিজন প্ৰাৰ্থীৰ কাম আৰু পটভূমি বুজিবলৈ এই প্ৰতিবেদনসমূহ ভালদৰে পৰ্যালোচনা কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ লিখিছে-বিৰোধীৰ নেতা কোনো ৰবৰ ষ্টাম্প নহয়। মই মোৰ সাংবিধানিক দায়িত্ব পৰিত্যাগ কৰি এই পক্ষপাতদুষ্ট প্ৰক্ৰিয়াৰ অংশ হ’ব নোৱাৰো। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰে। বৰ্তমানৰ চিবিআই সঞ্চালক প্ৰবীণ ছুদৰ কাৰ্যকাল ২৪ মে’ত শেষ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *