২০২৪ বৰ্ষৰ ২০ মে’ত অনুষ্ঠিত হোৱা ৩৮০ সংখ্যক বৈঠকত অ’এনজিচিৰ পৰিচালনা সমিতিয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাৰ্ষিক ফলাফলত অনুমোদন জনায়। প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোৰ সৰ্বোচ্চ স্বতন্ত্ৰ মুঠ লাভ ৪০,৫২৬ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যি হৈছে সৰ্বোচ্চ একত্ৰিত মুঠ লাভ ৫৭,১০১ কোটি টকা। ২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত খাৰুৱা তেলৰ উৎপাদন ২.৪% বৃদ্ধি পোৱাৰ বিপৰীতে গেছৰ উৎপাদন ৩% হ্ৰাস পাইছে। ২০২৪ বিত্তীয় বৰ্ষত এতিয়ালৈকে সৰ্বাধিক মুঠ লভ্যাংশ হৈছেগৈ ১৫,৪১১ কোটি টকা, মুঠ লভ্যাংশ হ’ব ২৪৫% (৫ টকা ফেচ ভেল্যুত প্ৰতি শ্বেয়াৰত ১২.২৫ টকা)। ইয়াৰ ভিতৰত বছৰটোৰ ভিতৰত ইতিমধ্যে প্ৰদান কৰা ১৯৫% (প্ৰতি শ্বেয়াৰত ৯.৭৫ টকা) অন্তৱৰ্তীকালীন লভ্যাংশ আৰু ব’ৰ্ডে পৰামৰ্শ দান কৰা ৫০% (প্ৰতি শ্বেয়াৰত ২.৫০ টকা) চূড়ান্ত লভ্যাংশ অন্তৰ্ভুক্ত। অ’এনজিচিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত নিজৰ দ্বাৰা অপাৰেট কৰি ১১টা স্থান অন্বেষণৰ কথা ঘোষণা কৰিছিল, য’ত আছে ৬টা সম্ভাৱনাময় ক্ষেত্ৰ আৰু ৫টা নতুন পুল অন্বেষণ কৰা হৈছে, ইয়াৰে ৬টা স্থলভাগত অৱস্থিত। ২০২৩-২৪ বিত্তীয় বৰ্ষত পূৰ্বে ঘোষণা কৰা ৩টা অন্বেষণ ক্ষেত্ৰকে ধৰি ৭টা হাইড্ৰ’কাৰ্বন আৱিষ্কাৰক মনেটাইজ(আনুষ্ঠানিক ৰূপ) কৰা হৈছিল। ২০২৪ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰতিষ্ঠানটোৱে ৯,৫৫৩ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে, কোম্পানীটোৱে এই বিত্তীয় বৰ্ষত ৬৩৯ কোটি টকাৰ পিএটি পঞ্জীয়ন কৰিছিল, মূলতঃ অধিক ক্ষতি/অক্ষমতা(ইম্পয়েৰমেণ্ট)ৰ বাবে বিত্তীয় বৰ্ষটোত ১৬৬০ কোটি টকাৰ পৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে । Share this:FacebookX Related Post navigation ভাৰতত সম্পদ ব্যৱস্থাপনা সৰল কৰিবলৈ আপষ্টক্সে বীমা বিতৰণত উদ্যোগ লয় ব্যতিক্ৰম এডুকেশ্বন কনক্লেভে ভাৰত আৰু বাংলাদেশৰ মাজত পথ প্ৰদৰ্শন কৰিব শৈক্ষিক কূটনীতিৰ